অসমনলবাৰীশীৰ্ষ

অত্যাধুনিক নলবাৰী নাট্য মন্দিৰ ১০ আগষ্টত মুখ্যমন্ত্ৰী মুকলি কৰিব’ সাংস্কৃতিক মহলত আনন্দৰ ধল

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা ,নলবাৰী ,৬ আগষ্ট – নলবাৰীৰ সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰতৰ উজ্জ্বল নক্ষত্ৰ নলবাৰী নাট্য মন্দিৰৰ অত্যাধুনিক ৰুপত নিৰ্মাণৰ কাম আজি ৯৫ শতাংশ সমাপ্ত হৈছে। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণৰ বাবে যোৱা দুমাহ ধৰি নাট্য মন্দিৰ বন্ধ হৈ থকাৰ ফলত কোনো সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান কৰিব পৰা নাছিল ৰাইজে। উল্লেখ্য যে ২০১৮ ▪১৯ বিত্তীয় বৰ্ষত চৰকাৰে আনটাইড পুজিৰ পৰা ৭০ লাখ টকা আবন্টন দিছিল। উক্ত ধনেৰে বিধ্বস্ত প্ৰায় নাট্য মন্দিৰ উন্নয়নৰ দিহা কৰা হয়। নাট্য মন্দিৰ নৱ ৰুপত সজোৱাৰ ব্যৱস্থা হিচাপে চৌহদৰ বিশাল লোৰ গেট, পকীবেৰ, চোতাল পেভাৰ ব্লক, ভিতৰত অত্যাধুনিক ৪২৯ খন চকী,কাৰ্পেটৰ ব্যৱস্থা, চৌহদৰ বেৰত পেইণ্টিং, ৰেলিং দিয়া, শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা, শৌচাগাৰ, প্ৰসাৱগাৰ, মেৰামতি আৰু ৰং কৰা ইতিমধ্যে সম্পূৰ্ণ হৈছে। জৰাজীৰ্ণ প্ৰায় নাট্য মন্দিৰটো নকৈ সজোৱাৰ দিশত স্থানীয় বিধায়ক অশোক শৰ্মাই লোৱাৱ পদক্ষেপক নলবাৰীৰ সাংস্কৃতিক ভাবাপন্ন ৰাইজে প্ৰশংসা কৰাই নহয় মুকলিৰ খবৰ লাভ কৰি আনন্দ প্ৰকাশ কৰে। আজি সংবাদ মাধ্যমক বিধায়ক অশোক শৰ্মা,জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,পৌৰসভাৰ সভানেত্ৰী বিপাশা দাস,পৰিচালনা সমিতিৰ সম্পাদক অনুপ দাস,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা,আৰতি বৈশ্য, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত,সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, অঞ্জন শৰ্মা, সম্পাদক দিলজিৎ বৰ্মন, তৌফিকুল হক চৌধুৰী,জিলা মিডিয়া চেলৰ আহ্বায়ক জোন কুমাৰ বৰ্মন,মহিলা মৰ্চাৰ জিলা সভানেত্ৰী অঞ্জনা বৰ্মন, উপ সভানেত্ৰী পপি দত্ত,যুৱ মৰ্চাৰ জিলা সভাপতি পংকজ ডেকা, সাধাৰণ সম্পাদক মানস জ্যৌতি তালুকদাৰ, কিষান মৰ্চাৰ জিলা সভাপতি ধনেশ্বৰ ডেকা,অ বি চি মৰ্চাৰ জিলা সভাপতি ধনমণি দাস, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক প্ৰতুল কলিতা,যুৱ নেতা প্ৰণৱ কুমাৰ ডেকা,কিশোৰ কলিতা,নিহাৰ ভৰালী সহ বহুকেইজনে জনোৱা মতে অহা ১০ আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নকৈ সজাই তোলা নাট্য মন্দিৰটো ৰাইজৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা সহ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকিব। ইফালে বিধায়ক অশোক শৰ্মাই কয় যে – নলবাৰী নাট্য মন্দিৰ নতুন ৰুপত সজোৱা হল ঠিকেই। কিন্তু আগত সময়ত ৰাইজৰ লগতে দল -সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে ব্যৱহাৰ কৰাত মনোযোগ দিব লাগিব আৰু তেতিয়াহে আমাৰ সকলোৰে নাট্য মন্দিৰটো শুৱনি হৈ থাকিব বুলি দোহাৰে । এইচেগতে স্থানীয় প্ৰাক্তন বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী নগেন শৰ্মাই নাট্য মন্দিৰৰ দিশত লোৱা ভূমিকাকো সোঁৱৰণ কৰে।আনহাতে নলবাৰীৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী ডাঃ শুভ্ৰ কিংকৰ গোস্বামী,অলকেশ মল্ল বুজৰবৰুৱা আৰু কৌতুক শিল্পী জিতেন ডেকা, দোষ্ট হান্নানে এই প্ৰতিবেদক কয় যে নাট্য মন্দিৰ নলবাৰীৰ সমাজ ব্যৱস্থাৰ চানেকি। বৰ্তমানে নাট্য মন্দিৰ বিধায়ক অশোক শৰ্মাৰ তৎপৰতাত যি ৰুপ ললে আমি সন্তোষ প্ৰকাশ কৰিছো বুলি দোহাৰে। মনকৰিবলগীয়া যে বিগত কংগ্ৰেছ চৰকাৰৰ সময়ত মেৰামতিৰ বাবে কোটি টকাৰো অধিক ধন আবন্টন দিয়া হৈছিল যদিও অভিযোগ অনুসৰি পূৰ্বৰ উপায়ুক্ত মেহতাব উদ্দিন আহমেদৰ নেতৃত্বত এচাম বিষয়া ৰাজনৈতিক নেতাই লুন্ঠন চলোৱাৰ বাবে মেৰামতিৰ কম সময়তে জৰাজীৰ্ণ হৈ পৰিছিল।

Related Articles

Leave a Reply

Close