অসম

অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত অব্যাহত চোৰাং কাঠ সৰবৰাহৰ অবৈধ কাৰ্য

প্ৰথম খবৰ,খেৰণি:অসম-মেঘালয়সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠ সৰবৰাহৰ অবৈধ কাৰ্য। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বাসিন্দাই অবাধে চলাইছে বন ধ্বংসৰ কাৰ্য কাৰ্বি পাহাৰত। এইবাৰ অসম-মেঘালয় সীমান্তৰ উমপ্লুঙ আৰু খাচীস্কাপ নামৰ গাঁৱৰ পৰা চোৰাংকৈ গছ কাটি ট্ৰাকেৰে মেঘালয়লৈ সৰবৰাহ কৰি থকা অৱস্থাত দুখনকৈ মেঘালয়ৰ ট্ৰাক জব্দ কৰে খেৰণি বন বিভাগে। ইয়াৰ কিছুদিন পূৰ্বেও খেৰণি বন বিভাগে অসম-মেঘালয় সীমান্তৰ পিচিয়াৰ আৰু মক্ৰুৰ পৰা চোৰাং কাঠৰ কুণ্ডাসহ মেঘালয়ৰ দুখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে ইয়াৰ পাছতে খেৰণি বন বিভাগৰ ব্যাপক অভিযানত পুনৰ পশ্চিম কাৰ্বি আংলঙৰ উমপ্লুঙৰ পৰা কাঠৰ কুণ্ডাসহ এখন নম্বৰ বিহীন ট্ৰাক আৰু খাচীস্কাপৰ পৰা মেঘালয় পঞ্জীয়নভুক্ত এম এল ০৪-০০০৩ নম্বৰৰ আন এখন কুণ্ডাভৰ্তি ট্ৰাক জব্দ কৰে খেৰণি বন বিভাগে। গুৰুত্বপূৰ্ণ কথা যে অসম-মেঘালয়ৰ সীমান্তত খেৰণি বন বিভাগে এইদৰে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে যদিও বিভাগীয় গাড়ীৰ অভাৱ আৰু পৰ্যাপ্ত কৰ্মীৰ অভাৱত বিভাগটোৱে বিভিন্ন সমস্যাৰ সম্মুখীন হৈ আহিছে বুলি প্ৰকাশ কৰিছে বন বিভাগৰ বন কৰ্মীয়ে। আনকি এনেবোৰ সমস্যাৰ ফলস্বৰূপে বন ধ্বংস প্ৰতিৰোধ, কাঠৰ কুণ্ডা সৰবৰাহ তথা মেঘালয়ৰ কাঠ চোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বিভাগটোয়ে ব্যৰ্থ হব লগা হৈছে বুলিও মন্তব্য কৰে খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মচাৰীয়ে। ইফালে এনেবোৰ দুৰ্বলতাৰ সুযোগ লৈয়ে এতিয়া অসম ৰাজ্যৰ পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন স্থানত বন ধ্বংস আৰু কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ কুণ্ডা সৰবৰাহৰ অবৈধ চুৰি কাৰ্য্য আজিও অব্যাহত ৰাখিছে মেঘালয়ৰ কাঠৰ কুণ্ডা সৰবৰাহকাৰীয়ে।

Related Articles

Leave a Reply

Close