অসম

আছুৰ দখলত সাপেখাতী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

নিউজ ডেক্স, প্ৰথম খবৰ: সাপেখাতী অঞ্চলৰ অগ্ৰণি উচ্চ শিক্ষানুষ্ঠান সাপেখাতী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আছুৰ দখলত। ৩০আগষ্ট,শুক্ৰবাৰে অনুষ্ঠিত হোৱা মহাবিদ্যালয় খনৰ সাধাৰণ নিৰ্ৱাচনত প্ৰতিদন্দিতা আগবঢ়োৱা আছুৰ সমৰ্থিত প্ৰাৰ্থী ক্ৰমে সভাপতি-বিভূতি প্ৰসাদ লাহন,উপ-সভাপতি- অনন্ত গগৈ,সাধাৰণ সম্পাদক- কমলজ্যোতি দাস,সহ:সম্পাদক-ভাষ্কৰ বড়া, সাংষ্কৃতিক সম্পাদিকা-তৃষ্ণা গগৈ, তৰ্ক বিভাগৰ সম্পাদিকা- বৰষা গগৈ, গুৰু খেল বিভাগৰ সম্পাদিকা- দিম্পী সন্দিকৈ, লঘু খেল বিভাগৰ সম্পাদক – চুলতান আলী আৰু ছাত্ৰী জিৰণী কক্ষৰ সম্পাদিকা- সোনামণি গগৈ য়ে বিপুল ভোটত জয় লাভ কৰে ইয়াৰ ওপৰিও অখিল ভাৰতীয় বিদ্যাথী পৰিষদৰ হৈ প্ৰতিদন্দিতা আগবঢ়োৱা আলোচনী সম্পাদিকা-পিংকী উপাধ্যায় আৰু ছাত্ৰ জিৰণীচ’ৰা বিভাগৰ সম্পাদক- বিশ্বজিৎ বকলিয়াল,,য়ে উক্ত নিৰ্বাচনত জয় লাভ কৰে।উল্লেখ্য যে বিগত বৰ্ষৰ দৰে এইবাৰো আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ লগত বিপুল ভোটত পুনৰ মুখ থেকেছা খোৱাৰ উপৰ্শম ঘটিল অখিল ভাৰতীয় বিদ্যাথি পৰিষদ চমুকৈ ABVPয়ে।

Related Articles

Leave a Reply

Close