অসম

কাজিৰঙাৰ গঁড় কাৰ্বি পাহাৰত আশ্ৰয়,তিনি দিনৰ অভিযানৰ পাছত সফল 

প্ৰথম খবৰ,কাজিৰঙা,ৰাজেশ বেলোৱাৰ:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকা এহাল মাক পোৱালি গঁড়ৰ সৈতে আন এটা গঁড় ৰাষ্ট্ৰীয় উদ্যানলৈ ওভটাই আনিবলৈ কাজিৰঙাৰ বনকৰ্মী সৈতে কাৰ্বি আংলঙৰ বনকৰ্মীৰ যুটীয়া অভিযান ৷অভিযানত প্ৰথমে বনবিভাগৰ ছটা হাতী ব্যৱহাৰ কৰা হৈছিল যদিও সফল হ’ব নোৱাৰিলে বনকৰ্মী৷পিছত বনকৰ্মী এক বিশাল দলে পাহাৰ বগাই তিনিদিন চলোৱা অভিযানৰ পাছত গঁড় কেইটা ৰাষ্ট্ৰীয় উদ্যানলৈ ওভতাই আনিবলৈ সক্ষম হয় ৷উল্লেখ্য যে

তিনিদিন পূৰ্বে এহাল মাক পোৱালি গঁড়ৰ সৈতে আন এটা গঁড়ে কাৰ্বি পাহাৰৰ দুৰ্গম এলেকাত আশ্ৰয় লৈ থকাৰ সম্ভেদ লাভ কৰাৰ পাছতে বনবিভাগে গঁড়ৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷কাৰ্বি পাহাৰ ঘন অৰণ্যৰ মাজত গঁড়ৰ সন্ধান পোৱাৰ পাছত নিৰাপত্তা জনিত কাৰণত গঁড় কেইটা ৰাষ্ট্ৰীয় উদ্যানলৈ ওভতাই আনিবলৈ তিনিদিন ধৰি চলোৱা অভিযানৰ পাছত সফল হয় অভিযানকাৰী দল ৷সন্দেহ কৰা মতে বিগত বানৰ সময়তে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই গঁড় কেইটাই কাৰ্বি পাহাৰত আশ্ৰয় লৈ আছিল ৷আনহাতে কাৰ্বি পাহাৰত আৰু গঁড় আশ্ৰয় লৈ থকাৰ সম্ভাৱনা থকাৰ বাবে বনকৰ্মীৰ লগতে গঁড় সুৰক্ষা বাহিনীৰ জোৱানে অভিযান অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close