অসম

গাওঁ পঞ্চায়তৰ সভাপতি সংস্হা গঠন

প্ৰথম খবৰ,অশ্বিনীকুমাৰ শৰ্মা,মঙলদৈ:দৰং জিলাৰ মুঠ ৭৫ খন গাওঁ পঞ্চায়তৰ সভাপতি আৰু সভানেত্ৰী সকল লগ লাগি তেওঁ লোকৰ সামুহিক উন্নয়নৰ বাবে নতুনকৈ “দৰং জিলা গাওঁ পঞ্চায়ত সভাপতি সংস্হা ” নামেৰে এটিসংগঠন জন্ম দিয়ে ৷যোৱা ১ আগষ্টত মঙলদৈ ইউথ ক্লাৱত সভাত সভাপতিত্ব কৰে কৌপাতী গাও পঞ্চায়তৰ সভাপতি আশ্ৰফ আলিয়ে ৷তাতেই সংস্হা টিৰ নতুন সভাপতি হিচাপে আশ্ৰফ আলী ,উপসভাপতি ছয় গৰাকী হ’ল কুমাৰ চন্দ্ৰ নাথ ,চৰিফুল হক ,অনিতা ৰাজবংশী মনেশ্বৰ বড়ো ,আজগৰ আলী ,আব্দুল লতিফ ৷আনহাতে সংস্হাৰ যুটীয়া সম্পাদক হিচাপে কৌশিক ডেকা আৰু হীৰক জ্যোতি নাথৰ নাম প্ৰস্তাৱ কৰা হয় ৷সম্পাদক দ্বয় ক্ৰমে মফিদুল ইছলাম আৰু নৱজ্যোতি শৰ্মা ,সহ সম্পাদক ছয় গৰাকী ক্ৰমে মামনি ডেকা ,আচাদুল্লা মণ্ডল প্ৰীতিশ্ৰী নাথ ,ছহিদুল ইছলাম আৰু বিশ্ব জিৎ ঘোষ, কোষাধ্যক্ষ হবিবুৰ ৰহমান আৰু পৰ্যবেক্ষক জিয়াউৰ হক আৰুছফিকুল আলমক লৈ মুঠ ৩১ জনীয়া এখনি শক্তি শালী সমিতি গঠন কৰা হয় ৷ এই সংস্হাটিয়ে সমাজৰ উন্নয়ন তথা চৰকাৰী ,বেগৰকাৰী কামত অসমীয়া ভাষা প্ৰয়োগ কৰা,পঞ্চায়তৰ অনুষ্ঠানত অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰি অনা গামোচা ব্যৱহাৰ নকাৰৰ গুৰুত্ব দি প্ৰস্তাৱ আকাৰে থলুৱা শিপিনীৰ হাতেৰে বোৱা গামোচা যাতে ব্যৱহাৰ কৰা হয় তাৰ প্ৰতি অধীক সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close