অসমশীৰ্ষ

গোঁসাইবৰীত চিপ লৈ আত্মহত্যা দুই সন্তানৰ পিতৃৰ

গোঁসাইবৰীত চিপ লৈ আত্মহত্যা দুই সন্তানৰ পিতৃৰ

প্ৰথম খবৰ, কন্দৰ্প নাথ,  মাটিয়া :গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত গোসাঁইবৰী গাওঁত নিশা এজন  যুৱকে চিপ লৈ আত্মহত্যা কৰে । জানিব পৰা মতে, বহতী নিবাসী বাবুল দাসে গোসাঁইবৰীৰ শহুৰৰ গৃহত ( 24 ) চিপ লৈ আত্মহত্যা কৰে । বিবাহৰ পিছতে দাসে গোসাঁইবৰীৰ শহুৰৰ ঘৰতে থাকিবলৈ লৈছিল । শহুৰ ভবেন ৰায়ৰ বাৰীৰ আম গছত নিশা চিপ লৈ আত্মহত্যা কৰে বুলি পৰিয়ালে জানিবলৈ দিয়ে । দাসে অত্যাধিক মদ্যপান কৰা হেতু স্বামী- স্ত্ৰীৰ মাজত সঘনে কাজিয়াৰ সৃষ্টি হৈছিল । পৰিয়ালকেন্দ্ৰিক সংঘাতই আত্মহত্যাৰ কাৰণ বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে । দাসৰ মৃত্যুত পত্নীসহ পুত্ৰ- কন্যা দুটা ইহসংসাৰত এৰি থৈ যায় ।

Related Articles

Leave a Reply

Close