অসমজীৱনৰ আনন্দনিবন্ধযুৱ

চাকৰি কৰাৰ আনন্দ- ডঃ কুমুদ দাসৰ দেওবৰীয়া বিশেষ লেখা

জীৱনৰ আনন্দ

জীৱনৰ লক্ষ্য- এই শিৰোনামটোৱে বহুতকে হয়তো স্কুলীয়া দিনত লিখা ৰচনাখনলৈ মনত পেলাই দিব৷ স্কুলীয়া দিনত লিখা ৰচনাখনত বহুতেই লিখে, মই চিকিৎসক হ’ম, অভিযন্তা হ’ম, সাহিত্যিক, বিজ্ঞানী আৰু কিমানে যে কি? আজিকালি স্কুলীয়া পাঠ্যক্ৰমত এই ৰচনাখন কোনোবাই লিখিবলগীয়া হয় নে নহয় নাজানো, কিন্তু এই ৰচনাখন সৰুতে লিখা সকলক লগ পালে সুধিবৰ মন যায়, তেওঁলোক লক্ষ্যস্থানত উপনীত হ’লনে? নে জীৱনৰ দৌৰাদৌৰিৰ মাজত ক’ৰবাত হেৰাই গ’ল মাই এইম ইন লাইফ৷
বহুদিন হ’ল লগৰবোৰক লগ নোপোৱা৷ বহু দিন হ’ল অলসভাৱে দিনটো টিভিত মাদ্ৰাছ কাট চিনেমা চাই সময় পাৰ নকৰা৷ বহুদিন হ’ল সূৰ্যাস্ত নেদেখা৷ বহু দিন হ’ল চিনেমা হ’লত পপকৰ্ণ খাই প্ৰিয়জনৰ সৈতে সময় নকটোৱা৷ বহুদিন হ’ল গাঁৱত গৈ পুখুৰীত বৰশী বাই নোপোৱা৷ চমুকৈ ক’বলৈ গ’লে নিজৰ মতে জীৱনটো যাপন নকৰা বহুদিনেই হ’ল৷ পঢ়িম বুলি গ্ৰন্থমেলাতেই কিনি থোৱা কিতাপখন কিতাপ থোৱা আলমাৰীটোতে পৰি আছে৷ এপৃষ্ঠাও পঢ়া হোৱা নাই৷
পুৱাই কৰি থকা কামটোৰ তাগিদাত আৰম্ভ হৈ যায় দৌৰাদৌৰি৷ কাৰ্যালয়ত সময়মতে উপস্থিত হোৱাৰ বাবে পুৱাই উঠি যন্ত্ৰৱৎ ব্ৰেকফাষ্ট, গা ধোৱা, দাঢ়ি কটা, বজাৰ কৰা, সঘনাই বাজি থকা ফোনটো ৰিচিভ কৰি সিটো মূৰৰ জনক প্ৰবোধ দিওতে নিজলৈ সময় নাথাকে৷ তাতো কেতিয়াবা অফিচ পাওতে পোন্ধৰ বিশ মিনিটমান দেৰিও হৈ যায়৷ তথাপি চলি যায়৷ অফিচত ঠিকমতে কাম নকৰিলে ইনক্ৰিমেণ্ট বা প্ৰমোশ্যন নহ’ব, বছৰ গালি খাব লাগিব, এশ এটা চিন্তাৰ মাজত নিজৰ খোৱাটোও হয়গৈ অখাদ্য৷৷ অপুষ্টিকৰ, সোৱাদলগা আৰু কেৱল ভোক গুচোৱা খাদ্য খাওতে নিজৰ পচন্দমতে পুষ্টিকৰ খাদ্যও খোৱা নহয়৷ নামত আঠ ঘণ্টাৰ অফিচ যদিও অহা যোৱা বা কামৰ তাগিদাত থাকিবলগীয়া হোৱা বাবে গড়ে চাগে দহ এঘাৰ ঘণ্টা পাৰ হৈ যায়৷ পত্নীক বহুদিনৰ পৰা ফুৰাব লৈ যাম বুলি ক’লৈকো নিয়া নহয়৷ সন্তানে সময় নাপায় ব্যস্ত মানুহৰ পৰা৷ তাৰ মাজত মানসিক উদ্বেগ দূৰ কৰিবলৈ দৈনিক দুই এঘণ্টা আকৌ ফেচবুকতো পাৰ হৈ যায়৷ ফেচবুকত সুখী আৰু সৌন্দৰ্যশালী হোৱাৰ অভিনয় কৰি ভালৰো ভাল ফটো এখন লগাই থোৱা হয়৷ তাতে আকৌ সমাজ, ৰাজনীতিৰো জ্ঞান থকা বুলি জহাবলৈ দুই এটা আপডেট দি নাথাকিলে গুৰুত্ব কমি যোৱাৰ ভয়৷ মুঠতে সময় একেবাৰে নাই৷
এনে এক যন্ত্ৰৱৎ জীৱনত লাহে লাহে অভ্যস্ত হৈ গৈছো আমি৷ কেৱল মোৰ কথা নহয়৷ মধ্যবিত্ত বা সৰু চাকৰি এটা নাথাকিলে চলিব নোৱাৰা সকলো পুৰু মহিলাই এতিয়া এনে জীৱন আকোঁৱালি ল’বলগীয়া হৈছে৷ য’ত কেৱল ভৱিষ্যতটো ভালকৈ যাপন কৰাৰ স্বাৰ্থত বৰ্তমানৰ সুখ স্বাচ্ছ্যন্দৰ সৈতে কেৱল কম্প্ৰমাইজ৷ কোৱা বাহুল্য মাথোন, এক অলীক কল্পনাত্মক সুখময় ভৱিষ্যতৰ কল্পনাত বৰ্তমানটোক ভালকৈ উপভোগ নকৰাকৈ থকা একো একোটা প্ৰাণীত পৰিণত হওঁ আমি৷ কেৱল মাত্ৰ কেইটামান টকা ঘটি ভৱিয়্যতলৈ বিশেষ জমাটো কৰিব নোৱাৰোৱে, বৰ্তমানটোও নষ্ট কৰি পেলাওঁ৷
এইখন পৃথিৱীত এনে মানুহ হয়তো খুব সুখী, যিসকলে মাত্ৰ এদিনৰ বাবে জীয়াই থাকে৷ এটা দিন সুখেৰে পাৰ কৰিলেই পৰৱৰ্তী দিনটোও সুখকৰ হ’ব৷৷ দামী গাড়ী, ফ্লেট কিনা নহ’ব পাৰে, কিন্তু প্ৰতিটো ক্ষণত জীয়াই থকাৰ বা সুখ অনুভৱ কৰাৰ সুযোগ আছে৷৷
সৰুতে জীৱনৰ লক্ষ্য ৰচনাখন লিখাসকলে কোনেও কেতিয়াও নিলিখে মই সুখী মানুহ হ’ম বুলি? কেতিয়াও নিলিখে মোৰ জীৱনকালৰ প্ৰতিটো মিনিট আনন্দৰে পাৰ কৰিম বুলি৷ লিখে অৰ্থনৈতিক নিৰাপত্তা থকা পেছাৰ কথা৷ ব্যক্তিগতভাৱে অৰ্থনৈতিক দুৰাৱস্থা বহুত মানুহৰে হয়তো নাই৷ কিন্তু সময়ৰ অভাৱত ভোগা মানুহ বুলি ক’লে প্ৰথম দহজনৰ ভিতৰতেই থাকিব৷ সৰুতে এনে এটা জীৱনৰ কল্পনা নকৰাকৈয়ে এনে পৰিৱেশৰ সন্মুখীন দাসৰ দৰে আপুনিও যে হোৱা নাই, তাক আপুনি নদি ক’ব পাৰিবনে? এই লেখা পঢ়ি থকাৰ সময়ত আপোনাৰো হয়তো মনলৈ আহিছো- মই জীৱনত কি কৰিব খুজিছিলো, বৰ্তমান কি কৰি আছো? কি ভৱিষ্যতৰ কথা বৰ্তমানটো উপভোগ নকৰাকৈ কেৱল কেইটামান টকাৰ পিছত দৌৰি আছো৷ বহুতেই এনেকৈয়ে সুখী মই বুলি যুক্তি বনাই লৈ জীৱন বাটত আগুৱাই গৈ থাকে৷ উপায়ো নাই৷ ডিজিটেল পৃথিৱীত সুখী নহ’লেও আনৰ ওচৰত সুখী হোৱাৰ অভিনয় কৰাটো এটা প্ৰয়োজনীয় কলাৰ নিচিনাই হৈছেগৈ৷ কিন্তু নিজকটো আৰু ফাঁকি দি কোনেও চলিব নোৱাৰে৷ নিজৰ ওচৰত, অকলশৰীয়া মূহূৰ্তত এনেবোৰ কথাই বহুতৰে দোলা দি থাকে৷ যিসকলৰ কেৱল কামৰ তাগিদাত সূৰ্যাস্তৰ দৃশ্যটো চাবলৈ আহৰি নাথাকে, কাম কাম বুলি দৌৰি থাকোতে শৰতৰ শেৱালিৰ সুঘ্ৰাণ ল’বলৈ সময় নাথাকে, যাৰ এমাহ দুমাহত এখন চিনেমা, নাটক চোৱাৰ সময় নাথাকে, দৈনিক ঘৰত ৰখা কাকতখনৰ প্ৰথমপৃষ্ঠাৰ হেডলাইন পঢ়াত বাহিৰে অন্য একোতে চকু দিবলৈ সময় নাই, তেওঁলোকেই জীৱনত বৰ্তমানক হেৰুৱাইছে এক অলীক কল্পনাত্মক সুখময় ভৱিষ্যতৰ সাধনা কৰি৷
ভৱিষ্যত জীৱন সুখময় কৰাৰ ধাৰণাটো এটা ভ্ৰান্ত ধাৰণা য’ত প্ৰতি বৰ্তমানৰ প্ৰতিটো সুখকৰ মূহূৰ্তক কম্প্ৰমাইজ কৰা হয়৷ ভৱিষ্যতটো তেতিয়াহে সুখময় হ’ব, যেতিয়া বৰ্তমানটো অৱসাদমুক্ত হ’ব, বৰ্তমানৰ ক্ষণিকৰ সুখকৰ মূহূৰ্তবোৰৰ পৰাই ভৱিষ্যতৰ সুখৰ বুনিয়াদ নিৰ্মাণ হ’ব৷
অৱশ্যে এই কথাখিনি বৰ্তমান পঢ়ি থকা যুৱক যুৱতীৰ বাবে নহয়৷ তেওঁলোকৰ বাবে বৰ্তমান ভৱিষ্যতৰ বাখ্যাৰ দৃষ্টিকোণ অলপ বেলেগ৷ নহ’লে এই ৰচনাখন দেখুৱাই পিতৃ মাতৃক সুখী হোৱাৰ যুক্তি বিচৰা চেমনীয়া ওলাই গ’লে লেখাটোৰ উদ্দেশ্য বিঘ্নিত হ’ব৷ এই লেখাটো পঢ়া শুনা শেষ কৰি সৰু এটা চাকৰিৰ মাজতে জীৱনৰ লক্ষ্য প্ৰাপ্তিত বিলীন হৈ যোৱাসকলৰ নামত উচৰ্গা কৰিছো৷ ভাবক, জীৱনটোত কৰিবলগীয়া আছিল কি? কৰিলে কি? বা কি কৰিব গৈ আছে? এতিয়াও কেৱল ভৱিষ্যতৰ চিন্তাত শৰীৰ মনক বৃদ্ধ নকৰি বৰ্তমানটোকো সুখকৰ কৰাৰ সুযোগ ওলায়েই৷ শুভেচ্ছা থাকিল৷
বি:দ্ৰ: এটা ফেচবুক আপডেট লিখিবলৈ গৈ এই দীঘলীয়া কথাখিনি লিখিবলগীয়া হ’ল৷৷

Related Articles

Leave a Reply

Close