অসমশীৰ্ষ

চিকিৎসালয়ত শিশুৰ মৃত্যু, নলবাৰীৰ চিকিৎসালয়ত উত্তেজনা

নলবাৰীৰ সাৰথি মাল্টি স্পেচিয়েল হস্পিতালত উত্তপ্ত পৰিস্থিতি
চিকিৎসাধীন অৱস্থাত এটি তিনি বছৰীয়া শিশুৰ মৃত্যু

এগৰাকী চিকিৎসকক আটক

প্ৰথম খবৰ ,নলবাৰী ,১০ আগষ্ট:নলবাৰী চহৰৰ ব্যাক্তিগত খণ্ডৰ সাৰথি হস্পিতালত যোৱা নিশা চিকিৎসাধীন অৱস্থাত এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।আনকি একাংশ বিক্ষুব্ধ

পুনৰ বিতৰ্কত সোমাই পৰিল নলবাৰীৰ ডাঃ তপন ডেকাৰ সাৰথি মাল্টি স্পেচিয়েল হস্পিটেল । চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হল এটি শিশুৰ । চিকিৎসকৰ ভুলৰ বাবে মৃত্যু হোৱা শিশুটি হল নলবাৰীৰ আখৰাৰ উৎপল বৰ্মন আৰু নিজৰা বৰ্মনৰ তিনি বছৰীয়া কন্যা পৰিস্মিতা বৰ্মন । স্নায়ুজনিত ৰোগত আক্ৰান্ত শিশুটোক শুকুৰবাৰে নিশা ১২ বজাত ভৰ্তি কৰোৱা হৈছিল সাৰথি হস্পিটেলত । সেই সময়ত কৰ্তব্য ৰত চিকিৎসক চুমি মেধিয়ে শিশুটিক এটা বেজী দিয়ে । বেজীটো দিয়াৰ পিছতে হাঁহি থকা শিশুটিৰ মৃত্যু হয় । চিকিৎসক চুমি মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ডাঃ বিনয় কুমাৰ শৰ্মাৰ পৰামৰ্শ মতে তেওঁ শিশুটিক “মিডাজুলাম ” নামৰ এটি বেজী দিয়ে । আৰু এই বেজী দিয়াৰ পিছতে শিশুটোৰ মৃত্যু হয় । ইয়াৰ পিছতে শিশুটোৰ সমগ্ৰ শৰীৰ ক’লা পৰি যায় । হাঁহি মাতি থকা শিশুটোৰ মৃত্যু হোৱা বুলি চিকিৎসকে কোৱাৰ লগে লগে পৰিয়ালৰ লোকে উত্তেজিত হৈ পৰে আৰু চিকিৎসকক জবাবদিহি কৰে । চিকিৎসকৰ পৰা সদুত্তৰ নাপাই উত্ৰাৱল হৈ পৰা শিশুটোৰ পৰিয়ালে চিকিৎসালয় আঁচ বাব লণ্ড ভণ্ড কৰিবলৈ লোৱাত চিকিৎসালয়ৰ কৰ্মচাৰীৰ লগত হতাহতি হয় । ইফালে চিকিৎসালয়ৰ গুণ্ডাবাহিনীয়ে শিশুটোৰ পৰিয়ালক গুৰুলা গুৰুলকৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে । ইপিনে চিকিৎসক বিনয় কুমাৰ শৰ্মাই চুমি মেধিক মিডাজুলাম বেজী দিবলৈ কোৱা নাছিল বুলিহে সংবাদ মাধ্যমক জনায় । দুই চিকিৎসকৰ মতানৈক্যই শিশু টো ভুল চিকিৎসাৰ বলি হোৱাটো নিশ্চিত কৰে । এই লৈ নিশা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশেষত পুৱতি নিশা দুই চিকিৎসকক আৰক্ষীয়ে আটক কৰে যদিও আজি দুপৰীয়া ডাঃ চুমী মেধিক যাবলৈ দিয়ে। সম্প্ৰতি ডাঃ বিনয় কুমাৰ শৰ্মা আৰক্ষীৰ জিম্মাত।উল্লেখযোগ্য এই ঘটনাৰ উচিত তদন্ত বিচাৰি যোৱা নিশাই উৎপল বৰ্মণে নলবাৰী সদৰ থানাত এখন এফ,আই,আৰ,দাখিল কৰিছিল।মৃত শিশুটিৰ পিতৃ উৎপল বৰ্মণে ভুল চিকিৎসাৰ জৰিয়তে তেওঁৰ শিশু সন্তানটিৰ জীৱন কাঢ়ি নিয়াৰ ঘটনাৰ বাবে এই নাৰ্চিং হোম খন বন্ধ কৰি দোষী চিকিৎসকক দৃষ্টান্ত মূলক শাস্তি বিহাৰ দাবী জনাইছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।তেওঁ ক্ষোভেৰে আৰু জানিব দিয়া মতে এই দাবী পূৰণ নহলে তেওঁ এই নাৰ্চিং হোমতে আত্মহত্যা কৰিব।শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়াও চেপা উত্তেজনাৰ সৃষ্টি হৈ আছে চিকিৎসালয়খনত।বিভিন্ন দল-সংগঠনে এই ঘটনাৰ এক উচিত তদন্ত দাবী কৰিছে।

Related Articles

Leave a Reply

Close