অসম

টিপলাইৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দুৰাৰোগ্য ৰোগত আক্ৰান্ত

আপোনাৰ অকণমান সহায়ে হাঁহি ওভোতাব পাৰে কিশোৰী জনীৰ মুখলৈ

প্ৰথম খবৰ,কল্যাণ ৰায়, ৰংজুলিঃ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী উপাসনা নাথ | পিতৃহীনা ছাত্ৰী গৰাকীৰ সৈতে তিনি গৰাকী সন্তানক পোহপাল দিয়া আৰু স্কুলত পঢ়ুৱাবলৈ লোকৰ ঘৰে ঘৰে কাম কৰে দুখীয়া মাতৃ ধৰিত্ৰী নাথে | পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী মানুহ স্বামীৰ মৃত্যুৰ পিছৰ পৰা আনৰ ঘৰত কাম বন কৰি সন্তান কেইটাক বুকুত সাৱতি নতুন জীৱন যুদ্ধ আৰম্ভ কৰিছিল ধৰিত্ৰী নাথে | কিন্তু স্বামীৰ মৃত্যুৰ এবছৰ পিছতে পুনৰ মূৰত সৰগ ভাগি পৰিল দুৰ্ভগীয়া মহিলা গৰাকীৰ | টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত পঢ়ি থকা ডাঙৰ জীয়ৰী উপাসনাৰ শৰীৰত ধৰা পৰিছে দূৰাৰোগ্য কেঞ্চাৰ (Hodgkin Lymphoma) ৰ বিজাণু | দুগৰাকী জীয়ৰী আৰু কণমাণি পুত্ৰক ডাঙৰ – দীঘল কৰাটোয়ে যাৰ জীৱনৰ অন্যতম প্ৰত্যাহ্বান তেওঁ কেনেকৈ যুঁজিব জীয়াৰীৰ কেঞ্চাৰৰ সৈতে ? বৰ্তমান ১৫ দিনৰ মূৰে মূৰে গুৱাহাটীলৈ নি উপাসনাক দিব লাগে কেম’থেৰাপী | খুজি-মাগী, ঘৰৰ যি সামান্য সা-সম্পত্তি আছে তাকো বিক্ৰী কৰি মুঠ ১২ টা কেম’থেৰাপীৰ ইতিমধ্যে ৩ টা দিয়া হ’ল যদিও বাকী কেইটা কেম’ থেৰাপীৰ বাবে গুৱাহাটীলৈ নিবলৈ অপাৰগ হৈ পৰিছে দুৰ্ভগীয়া মাতৃ গৰাকী | সেয়ে জীয়াৰীৰ প্ৰাণ বচাবলৈ চৰকাৰ, বিভিন্ন দল-সংগঠণ আৰু সদাশয় ৰাইজৰ সহায় ভিক্ষা কৰিছে মাতৃয়ে | কিশোৰী গৰাকীৰ জীৱন ৰক্ষাৰ বাবে সকলো মহানুভৱ ব্যক্তিকে আৰ্থিক বৰঙণি আগবঢ়াবলৈ কাতৰ আহ্বান মাতৃৰ | উপাসনা নাথৰ অসম গ্ৰামীণ বিকাশ বেংক, ৰংজুলি শাখাত থকা A/C no – 7310010075314 একাউণ্ট যোগে আৰ্থিক সহায় আগবঢ়াবলৈ আহ্বান | IFSC – UTBIORRBAGB.

Related Articles

Leave a Reply

Close