অসম

দুধনৈ ডেউকা স্কুল অব ড্ৰামাৰ উদ্যোগত অনুষ্ঠিত এমাহযোৰা শিশু নাট কৰ্মশালাৰ সামৰণি

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী৷ ১ আগষ্ট : ডেউকা স্কুল অৱ ড্ৰামাৰ উদ্যোগত যোৱা পাঁচ চেপ্তেম্বৰৰ পৰা দুধনৈৰ জনমন্দিৰ প্ৰাঙ্গণত চলি থকা শিশুনাট কৰ্মশালাৰ যোৱা ৩১ জুলাই তাৰিখে সামৰণি পৰে৷ কৰ্মশালাৰ সামৰণি অনুস্থান উপলক্ষে আয়োজিত এক অনষ্ঠানত দুধনৈ হাইস্কুলৰ প্ৰাক্তন শিক্ষয়ত্ৰী তথা সু লেখিকা শেৱালি কলিতাই উৰুলি আৰু শংখধ্বনিৰ মাজেত বন্তি প্ৰজ্জ্বলনেৰে নাট্যমঞ্চৰ শুভ উদ্বোধন কৰে৷ শিশু নাট শুভ উদ্বোধনী অনুষ্ঠানত উদ্বোধক শেৱালি কলিতাই ডেউকা স্কুল অব ড্ৰামাৰ এই প্ৰচেষ্টাৰ শলাগ লয়৷ নাট্যক্ষেত্ৰ খনত ডেউকা স্কুল অব ড্ৰামাই কৰ্মশালাৰ জৰিয়তে সমাজ খনৰ প্ৰতিটো দিশৰ লগত শিশু সকলক চিনাকি কৰাই দিবলৈ আগবাঢ়ি অহাটো অঞ্চলটোৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে৷ সামৰণি অনুষ্ঠানৰ কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ ৰচিত নাট “নুফুলা ফুলৰ মালিতা” নাটখন গোৱালপৰীয়া ভাষাত প্ৰদৰ্শন কৰা হয়৷ ডেউকা স্কুল অব ড্ৰামাৰ অধ্যক্ষ চিত্ৰু কোচৰ সামগ্ৰিক পৰিকল্পনা আৰু নাট্যকাৰ পৰিচালক মানব সিংহই পৰিচালনা কৰা নাটখন “নাফোটা ফুলেৰ কেচ্চা গান” নাম দি গোৱালপৰীয়া ভাষাৰে নামাকৰণ কৰে জয়া ৰাণী ৰায়ে৷গোৱালপাৰীয়া ভাষাত প্ৰদৰ্শন কৰা নাটখনত শিশুসকলে সুন্দৰ অভিনয় কৰি উপস্থিত দৰ্শক ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰে৷ নাট প্ৰদৰ্শনৰ শেষত মুল নাটখনৰ নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ সুপুত্ৰ সীমন্ত বৰঠাকুৰ , সমাজকৰ্মী গিৰীশ দাস, দুধনৈ উন্নয়ন কমিটিৰ সভাপতি সম্পাদক দ্বয় ক্ৰমে বিপিন চন্দ্ৰ ৰাভা আৰু থুলেশ্বৰ কছাৰীয়ে ভাষণ প্ৰদান কৰি ডেউকা স্কুল অৱ ড্ৰামাৰ সাহসী প্ৰয়াসৰ শলাগ লোৱাৰ লগতে নাট প্ৰদৰ্শন কৰা শিশু সকলক উৎসাহিত কৰে৷

Related Articles

Leave a Reply

Close