অসম

দুষ্ট চক্ৰৰ কবলত দুধনৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক৷ এটিএমৰ পৰা উলিয়াই লৈ গ’ল আঢ়ৈ লাখ টকা৷

প্ৰথম খবৰ, দুধনৈ ভৱেশ চন্দ্ৰ ভাগৱতী:বৰ্তমান বেংকটো  সুৰক্ষিত নহয় নিজৰ কষ্টোপাৰ্জিত জমাধন ৷ দুৰ্বৃত্তই নিমিষতে লুটি নিব পাৰে সমস্ত টকা ৷ তেনে এক চক্ৰৰ কবলত পৰি  দুুুুধনৈ মহাবিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকে ২ লাখ ৪৯ হাজাৰ টকা হেৰুৱাব লগা হোৱাত  ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে  দুধনৈত ৷ অধ্যাপক গৰাকীয়ে নজনাকৈয়ে দুুুুধনৈস্থিত এছবিআই শাখাত থকা তেওঁৰ একাউন্টৰ পৰা হৰলুকি হ’ল উক্ত পৰিমাণৰ টকা ৷ জানিব পৰা মতে যোৱা মঙ্গলবাৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তেজেন্দ্ৰ চন্দ্ৰ নাথে লেনদেন সম্পৰ্কীয় কামত বেংকলৈ আহোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ অধ্যাপক গৰাকীয়ে লগেলগে বেংকৰ পৰিচালক গৰাকীক ঘটনা সম্পৰ্কে অৱগত কৰাত বেংক একাউন্টটোৰ ষ্টেটাচ উলিওৱাত নিশ্চিত হয় উক্ত পৰিমাণৰ টকা হৰলুকি হোৱাটো৷ কোনোবা কাঞ্চন তালুকদাৰ নামৰ এগৰাকী মহিলাই অধ্যাপক গৰাকীৰ একাউন্টৰ পৰা পাঁচ বাৰ ট্ৰেঞ্চফাৰ আৰু তিনিবাৰ এটিএম যোগে এই টকা খিনি উলিয়াই লৈ গৈছে ৷ যোৱা ২২ আগষ্টৰ পৰা ২৬ আগষ্টলৈ মহিলা গৰাকীয়ে অতি কৌশলেৰে টকাখিনি লুটি লৈ যোৱাৰ তথ্য দিয়ে বেংক কতৃপক্ষই৷ বেংকৰ শাখা পৰিচালক গৰাকীৰ পৰামৰ্শ মতে অধ্যাপক নাথে দুধনৈ আৰক্ষী থানাত এজাহাৰ দাখিত কৰাত দুধনৈ আৰক্ষীয়েও ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে৷ এই ঘটনাৰ পিচত বেংক গ্ৰাহক সকল শংকিত হৈ পৰিছে নিজৰ কষ্টোপাৰ্জিত জমাধন হৰলুকি হোৱাৰ ভয়ত ৷ শাখা পৰিচলক গৰাকীয়ে জনোৱা মতে, ইয়াৰ পুৰ্বেও এই শাখাটোৰ পৰা এবাৰ বিশ হেজাৰ আৰু এবাৰ ষাঠী হেজাৰ টকা হৰলুকি হৈছিল ৷ তেওঁ লগতে কয় যে দুষ্ট চক্ৰটোৱে অকল এছবিআইটে নহয় অন্যান্য বেংকৰ গ্ৰাহককো লক্ষ্য কৰি লৈছে ৷ আনহাতে এই ঘটনা সম্পৰ্কত বেংক কতৃপক্ষইও নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিব৷ ইপিনে এই ঘটনাৰ পিচত শংকিত ৰাইজে বেংক কতৃপক্ষ আৰু স্থানীয় আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ  জনোৱাৰ লগতে গ্ৰাহকৰ জমা ধন সুৰক্ষিত কৰি ৰখাৰ বাবে দাবী জনায়৷

Related Articles

Leave a Reply

Close