অসম

দুৰামাৰীত আমছুৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ সন্দৰ্ভত  সজাগতা সভা

প্রথম খবৰ , কিশোৰ মিশ্রা , ফকিৰগ্ৰাম :সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু দুৰামাৰী  আঞ্চলিক সমিতিৰ সহযোগত কোকৰাঝাৰ জিলাৰ দুৰামাৰীত দুপৰীয়া ১১ বজাত কোকৰাঝাৰ জিলা আমছু’ৰ সভাপতিৰ আমিনুৰ ইসলামৰ সভাপত্বিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন,  তীৰ, জুৱা, বাল্য বিবাহ বন্ধ কৰাৰ , জনসংখ্য নিয়ন্ত্রণ কৰাৰ আদি সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।আমছুৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত মূখ্য অতিথী হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক  আনোৱাৰ হুসেন,কোকৰাঝাৰ জিলা আমছু’ৰ সভাপতিৰ আমিনুৰ ইসলাম , কোকৰাঝাৰ জিলা আমছু’ৰ সাঃসম্পাদক আব্দুল লতিফযে , কোকৰাঝাৰ জিলাৰ ডি পি ও জাহাঙ্গীৰ হুসেন , কোকৰাঝাৰ সদৰ আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মন সহ আমছু’ৰ সদস্য সকল আৰু লগত স্থানীয় ৰাইজ সকল। উক্ত সভাত উদেশ ব্যাখ্যা কৰে  কোকৰাঝাৰ জিলা আমছু’ৰ সাঃসম্পাদক আব্দুল লতিফ। উক্ত সভাত অতিথী সকলে তীৰ, জুৱা ,বাল্য বিবাহ বন্ধ কৰাৰ ,জনসংখ্য নিয়ন্ত্রণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ সম্পৰ্কত আলোচনা কৰে। সভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ সম্পৰ্কত কোকৰাঝাৰ সদৰ আৰক্ষী চকিৰ  ভাৰপ্ৰাপ্ত বিষয়া জিতেশ বৰ্মন ,আমছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক আনোৱাৰ হুসেন আৰু কোকৰাঝাৰ জিলাৰ ডি পি ও জাহাঙ্গীৰ হুসেনে কয় অহা ৩১ আগষ্ট তাৰিখে প্ৰকাশ হ’ব লগা এন আৰ চিৰ পূৰ্ণাংগ তালিকাত যদিহে কোনো নাগৰিকৰ নাম কেনেবাকৈ থাকি নাযায় তাৰ কাৰণে কোনোধৰণৰ সংকা কৰিব নালাগে । এই সম্পৰ্কত যাতে ৰাইজৰ মাজত ভুল বুজাবুজি নহয় তাৰ বাবে আজিৰ সভাত উপস্থিত থকা ৰাইজৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণলৈ আহ্বান জনায় আৰু লগতে অহা ৩১ তাৰিখে প্ৰকাশ হব লগা পূৰ্ণাংগ তালিকাক লৈ যাতে কোনো অশুভ শক্তিয়ে অপপ্ৰচাৰ ৰাইজৰ মাজত চলাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সকলো ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বাবান জনায়।

Related Articles

Leave a Reply

Close