অসমনলবাৰী

নলবাৰীত তিনিদিনীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণি

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা ,নলবাৰী:নলবাৰী জিলা প্ৰশাসনে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ লৈছে । কাৰ্যসূচীৰ অধীনত আজি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীত কাৱৈ , গৰৈ , মাগুৰ , শিঙি , চেং আদি স্থানীয় প্ৰজাতিৰ মাছৰ শতাধিক পোনা মেলি দিয়ে । তাৰ পিচত গৰ্ডন স্কুলৰ খেল পথাৰৰ কাষে কাষে বিধায়ক শৰ্মাই গছপুলি ৰোপণ কৰে । ইয়াৰ পূৰ্বে ৰাতিপুৱা ৯বজাৰ পৰা প্ৰতিমূৰ্তি পৰিস্কাৰ , জলাশয় পৰিস্কাৰ , উদ্যান পৰিস্কাৰ , বাটৰ নাট ‘ গছপুলি ৰোপন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সেই অনুসৰি জিলাখনত থকা মহাত্মা গান্ধী , আদ্য শৰ্মা , আম্বেদকাৰ , ছহিদ মুকুন্দ কাকতি , ভূপেন হাজৰিকা , শশী শৰ্মা আদিৰ প্ৰতিমূৰ্ত্তিসমূহ পৰিস্কাৰ কৰা হয় । আনহাতে ভূপেন হাজৰিকা উদ্যান , আদ্য শৰ্মা উদ্যান আৰু জিলাখনৰ বিভিন্ন উদ্যানসমূহ পৰিস্কাৰ কৰা হয় । তদুপৰি হাটখোলা পুখুৰী ,তিনিকোণীয়া পুখুৰী গংগা পুখুৰীৰ লগতে আন আন জলাশয়সমূহ জিলা প্ৰশাসনে পৰিস্কাৰ কৰে ।

এই কাৰ্যসূচীৰ সমান্তৰালকৈ নলবাৰী মহাবিদ্যালয়ত জিলাভিত্তিক মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয় পৰ্যায়ত ৰচনা আৰু বক্তৃতাৰ বিষয় আছিল ‘স্বাধীনতা সংগ্ৰামত অসমৰ মুক্তিযুঁজাৰুৰ অৱদান ‘ । বিদ্যালয় পৰ্যায়ত ৰচনা আৰু বক্তৃতাৰ বিষয় আছিল ‘মহাত্মা গান্ধী আৰু অসম ‘ । এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত । কাৰ্যসূচীসমূহত জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰী উপস্থিত থাকি তদাৰক কৰে ।
তদুপৰি আজিৰ কাৰ্যসূচীসমূহৰ দায়িত্বত আছিল জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া , অতিৰিক্ত উপায়ুক্ত , নলবাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া , টিহু নগৰ সমিতিৰ কাৰ্যবাহী বিষয়া , ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিসালয়ৰ অধীক্ষক ,বিদ্যালয়সমূহৰ পৰিদৰ্শক , জিলা প্ৰাথমিক শিক্ষা বিষয়া , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা , নিৰ্বাচনী বিষয়া , সহকাৰী আয়ুক্ত আৰু বনসংমণ্ডল বিষয়া।।

Related Articles

Leave a Reply

Close