অসম

পশ্চিম কাৰ্বি আংলঙৰ ৱাটিজুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস। খেতি-পথাৰ গচকী নষ্ট কৰাৰ লগতে বাসগৃহ ভাঙি লণ্ডভণ্ড

প্ৰথম খবৰ,খেৰণি,কণক দেউৰী:পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ৱাটিজুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস সৃষ্টি। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা পোৱালিসহ ওলাই অহা এজাক বনৰীয়া হাতীয়ে প্ৰৱেশ কৰে ৱাটিজুৰৰ ৩ নম্বৰ দাসবস্তি গাওঁখনত। আৰু গাওঁখনত প্ৰৱেশ কৰা হাতীৰ জাকটোয়ে গাওঁখনৰ ধাননি পথাৰত কিছুদিন পূৰ্বে ৰুই উঠা ভূঁই আৰু কুঁহিয়াৰ খেতি আদি এফালৰ পৰা গচকী নষ্ট কৰে। অৱশ্যে হাতীৰ জাকটোক গাওঁবাসীয়ে খেদি পঠিয়াবলৈ চেষ্টা চলায় যদিও তাৰ মাজতে হঠাৎ গাওঁখনত বসবাস কৰা বিপুল দাসৰ নামৰ লোকজনৰ ঘৰত আক্ৰমণ চলায় বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। লগতে এখন চাইকেল, বয়বস্তু, বাচন-আদি ভঙাৰ উপৰিও ভঁৰালত মজুত ৰখা ধান খায় তহিলং কৰে। পৰিপ্ৰেক্ষিতত এতিয়া বনৰীয়া হাতীৰ সন্ত্ৰাস আৰু এনে তাণ্ডৱক লৈ গাওঁবাসীৰ বিপৰীতে খেতিয়ক ৰাইজ শংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোত।

Related Articles

Leave a Reply

Close