অসমশীৰ্ষ

পুনৰ আন্দোলনৰ পথত দেশৰ ২৫ লাখ ৰন্ধন কৰ্মী

প্ৰথম খবৰ ,ৰঙিয়া: নিজৰ প্ৰাপ্যৰ বাবে দীৰ্ঘদিন ধৰি ধাৰাবাহিক আন্দোলন কৰাৰ পাছতো নূন্যতম মজুৰিৰ পৰা বঞ্চিত হোৱাত পুনৰ আন্দোলনৰ পথ গ্ৰহণ কৰিছে ৰন্ধন কৰ্মী সকলে।এইবাৰ সমগ্ৰ দেশজুৰি প্ৰায় ২৫ লক্ষাধিক ৰন্ধন কৰ্মী অহা ৪ ছেপ্টেম্বৰত আন্দোলনত চামিল হব। এই ঘোষনা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ। আজি ইউনিয়নৰ তৰফৰপৰা ৰঙিয়া শ্ৰমিক ভৱনত আয়োজিত এক সংবাদ মেলত এই কথা ঘোষনা কৰে ইউনিয়নৰ কাৰ্যকৰী সভাপতি বিবেকানন্দ অধিকাৰী আৰু সম্পাদিকা চিত্ৰা ৰাজবংশীয়ে। ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৫ সংখ্যক অধিবেশনৰ ছুপাৰিছ সমূহ কাৰ্যকৰী কৰি ৰন্ধন কৰ্মী সকলক শ্ৰমিক হিচাপে স্বীকৃতি দিয়া, মাননিৰ পৰিৱৰ্তে মজুৰী প্ৰদান কৰা, মাহিলী নূন্যতম মজুৰী ১৮ হাজাৰ টকালৈ বৰ্ধিত কৰা, মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাৰ নামত বৃহৎ ব্যৱসায়ী সন্থালৈ হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰা আদি দাবীৰ সমৰ্থনত সমগ্ৰ দেশ জুৰি এই আন্দোলনৰ আহ্বান দিয়া বুলি সংবাদ মেলত ঘোষনা কৰা হয়। সমগ্ৰ দেশৰ প্ৰায় ২৫ লক্ষাধিক ৰন্ধন কৰ্মীৰ লগতে অসমৰো ১,১৮,৯৯৮ গৰাকী ৰন্ধন কৰ্মীয়ে অহা ৪ ছেপ্টেম্বৰত দেশ জুৰি আহ্বান দিয়া আন্দোলনত অংশগ্ৰহণ কৰিব। সেই দিনা অসমৰ ৰন্ধন কৰ্মী সকলে সংশ্লিষ্ট জিলাৰ উপায়ুক্ত নাইবা জিলা শিক্ষাধিকৰ্তাৰ কাৰ্যালয়ৰ সমুখত বিক্ষোভ প্ৰদৰ্শন কৰাৰ অন্তত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। ইয়াৰ পিছতো চৰকাৰে কোনো ইতিবাচক সঁহাৰি প্ৰদান নকৰিলে দাবী আদায় নহোৱা পৰ্যন্ত আৰু অধিক কঠোৰ আন্দোলনৰ পথ গ্ৰহণ কৰিব বুলি আজি সংবাদ মেলত ঘোষনা কৰা হয়। সংবাদ মেলত ইউনিয়নৰ কাৰ্যকৰী সভাপতি বিবেেকানন্দ অধিকাৰীয়ে কেন্দ্ৰ্ৰৰ মোদী চৰকাৰক কটাক্ষ কৰি কয় যে, সবকা সাথ সবকা বিকাশ আৰুু সবকা বিশ্বাসৰ লগতে মহিলাৰ সবলীকৰনৰ কথা কোৱা মোদী চৰকাৰেে বিশ্বৰ দৰিদ্ৰতম দেশ ছোমালিয়া, ইথিওপিয়া আদি দেশতকৈও নিকৃষ্ট কাম কৰিি আছে। অধিকাৰীৰ মতে আজিৰ দিনতো কেন্দ্ৰীয় চৰকাৰে দৈনিক মাত্ৰ ৩৩ টকাৰ বিনিময়ত ৰাজ্যৰ প্ৰায় ১,১৮,৯৯৮ গৰাকী মহিলা ৰান্ধনীক দিনৰ পিছত দিনটো কাম কৰিবলৈ বাাধ্য কৰাইছে। ২০০৯ চনৰ পৰা মাহিলী মাত্ৰ ১০০০ টকাৰ (মাত্ৰ দহ মাহ) বিনিময়ত অত্যন্ত দুখীয়া ৰন্ধন কৰ্মীয়ে কাম কৰাটো অত্যন্ত দূৰ্ভভাগ্যজনক বুলি তেেওঁ কয়। অথচ কেৰালাা, হাৰিয়ানা, পঞ্জাৱ, পশ্চিম বংগ, ত্ৰিপুৰা আদি ৰাজ্যত ৰাজ্য চৰকাৰে তিনি হাজাৰৰ পৰা ছয় হাজাৰ টকা মাননী দিিয়াৰ লগতে উৎসৱ ভাতা আৰু বছৰি দুজোৰ পোছাক প্ৰদান কৰি আহিছে। সংবাদ মেলত সম্পাদিকা চিত্ৰা ৰাজবংশীয়েও মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে ।তেওঁ কয় যে মোদী চৰকাৰৰ ভুল নীতিৰ ফলত দেশৰ প্ৰাথমিক বিদ্যালয়ৰ ১০ কোটি শিিিক্ষাৰ্থীক পুষ্টিকৰ আহাৰ যোগান ধৰা ৰন্ধন কৰ্মী সকলে নিজে অপুষ্টিত ভুগী আছে। তেওঁ আৰু কয় যে, ২০১৩ চনত হোৱা ৪৫ সংখ্যক ভাৰতীয় শ্ৰম সন্মিলনত ৰন্ধন কৰ্মীকে ধৰি সকলো আঁচনি কৰ্মীকে চৰকাৰী

কৰ্মচাৰীৰ মৰ্যাদা দি নূূন্যতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ নিশ্চয়তাৰ প্ৰস্তাৱত ভাৰতীয় জনতা পাৰ্টীয়ে জোৰদাৰ সমৰ্থন জনাইছিল। কিন্তু পৰৱৰ্তী সময়ত এই দলৰ নেতৃত্বত গঠিত চৰকাৰে দেশৰ ২৫ লক্ষাধিক ৰন্ধন কৰ্মীৰ আন্দোলন, সংসদ ভৱনৰ সমুখত ধৰ্ণা, কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতো দাবীবোৰ আওকান কৰাটো দূৰ্ভাগ্যজনক বুলি ৰাজবংশীয়ে কয়।ইউনিয়নে মধ্যাহ্ন ভোজন আঁচনি কোনো পধ্যেই বেচৰকাৰী সংস্থাৰ হাতত গতাই দিবলৈ নিদিয়ে বুলি ৰাজবংশীয়ে দৃঢ়তাৰে ঘোষনা কৰে। সংবাদ মেলত ৰাজ্যিক যুটিয়া সম্পাদিকা ভণিতা পাঠক আৰু কোষাধক্ষা সুৰমা ডেকাও উপস্থিত আছিল ।

Related Articles

Leave a Reply

Close