জীৱনৰ আনন্দনিবন্ধযুৱশীৰ্ষ

বন্ধুত্বৰ আনন্দ- ডঃ কুমুদ দাসৰ দেওবৰীয়া বিশেষ লেখা

জীৱনৰ আনন্দ

ডঃ কুমুদ দাস
আমাৰ ব্যক্তিগত জীৱনত বন্ধুৰ সংখ্যা তেনেই সীমিত৷ এইটো আমি কোৱা কথা নহয়৷ আমাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা লোক মাত্ৰেই কথাটো গম পায়৷ বন্ধু বাদ দি শুভাকাংক্ষীৰ কথা যদি কোৱা হয়, তেন্তে বহুত৷ ফেচবুকতো পাঁচ সহস্ৰাধিক বন্ধু বান্ধৱী বা পঞ্চাশ হাজাৰোধিক ফ’ল’ৱাৰ বা অনুগামী আছে৷ তেওঁলোকৰ অতি বেছি কেইজনমানকহে আমি বন্ধু বুলি ভবাৰ থল আছে৷ তাৰে একাংশই এনেই পৰিচিত বুলি বন্ধু তালিকাত ৰাখি ভাল পায়৷ এচামে আকৌ আনক কয়- টিভিত যে ওলায়, কুমুদ দাস, তেওঁ আমাৰ বন্ধু মানুহ৷ তেনেকৈ কোৱা বহুতৰ লগত আমাৰ এষাৰ কথা পতাৰো যে সৌভাগ্য হোৱা নাই, সেইটোহে আচৰিত কথা৷ যি হওঁক তেওঁ, কোনোবাই আমাক বন্ধু বুলি কৈ গৌৰৱ কৰা বুলি গম পালেও মনটো ভালেই লাগে৷

কেম্ব্ৰিজ অভিধানৰ মতে, বন্ধু শব্দৰ অৰ্থ হ’ল- এজন লোক, যিয়ে আপোনাক ভালকৈ জানে, ভাল পায়, কিন্তু আপোনাৰ পৰিয়ালৰ সদস্য নহয়৷ এজন লোক যি আপোনাৰ শত্ৰু নহয়, আৰু আপুনি বিশ্বাস কৰিব পাৰে৷ অভিধানৰ উপৰিও আমি আমাৰ জীৱনত লগ পোৱা বন্ধুসকলক বেলেগ বেলেগ ধৰণে নিজাববীয়া চিন্তাৰে বিভিন্ন ভাগত বিভক্ত কৰিব পাৰো বা নিজা সংজ্ঞাও দিব পাৰো৷কিন্তু সংজ্ঞা বা অৰ্থ যিয়েই নহওঁক, সমাজ পাতি বসবাস কৰাৰে পৰা মানুহৰ মাজত বন্ধুত্বৰ ধাৰণা আছে৷ আমাৰ বোধেৰে বন্ধুত্ব যিকোনো বয়সৰ লোকৰ সৈতে হ’ব পাৰে৷ যাৰ সৈতে নি:সংকোচে সকলো কথা মুকলিমুৰীয়াকৈ পাতিব পাৰি, তেওঁৱেই বন্ধুতালিকাত স্থান পাব পাৰে৷ কিন্তু বন্ধু বাচনিৰ বেলিকা সাৱধান হোৱাৰো প্ৰয়োজনীয়তা আছে৷ যিকোনো বন্ধুৰে এজন বা দুজন আৰু বেলেগ অন্তৰংগ বন্ধু থাকে, তেওঁ যদি আপুনি কোৱা বন্ধুৰ সৈতে শ্বেয়াৰ কৰে, তেন্তে আপোনাৰ ব্যক্তিগত জীৱনৰ গোপনীয়তা ভংগ হোৱাৰ থল থাকে৷ তেনেকৈ বন্ধুৱে বেলেগ অন্তৰংগ বন্ধুক কোৱা কথাই অন্তৰংগ বন্ধু বাগৰি ৰাষ্ট্ৰ হৈ পৰে৷ আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনতে এজন বন্ধু আছে, কোনো কথা প্ৰচাৰ কৰিবলৈ হ’লে টিভি বা বাতৰি কাকতত নিদিয়াকৈ তেওঁৰ জৰিয়তে প্ৰচাৰ কৰিব পাৰি৷ কেৱল কথাটো তেওঁক কাকো নকবা বুলি ক’লেই নিশাটোৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰায় সকলো লোকেই গম পাই যায়৷ এনেকুৱা দুই এটা উদাহৰণ সকলোতে পোৱা যায়৷ কিন্তু বহু বন্ধুৱেই বন্ধুৰ বিপদ মাতি অনা কাহিনীও আছে, যিবোৰ কাহিনী বা ঘটনাই বৰ দকৈ সাঁচ বহুৱাই থৈ যায়৷

বন্ধুত্বৰ বাবে কোনো বিশেষ দিন আছে বুলি আমি নাভাবো৷ স্কুলত পঢ়া দিনৰে স্কুলীয়া সহপাঠীসকল, উচ্চতৰ মাধ্যমিক পৰ্যায়ত সহপাঠীসকল আৰু কলেজ বা বিশ্ববিদ্যালয় পৰ্যায়তো একেলগে পঢ়া বহুতেই এতিয়াও আমাৰ বন্ধু তালিকাত আছে৷ নিয়মিত খবৰৰ আদান প্ৰদান নহ’লেও যেতিয়াই লগ পোৱা যায়, তেওঁলোকৰ সৈতে এক গভীৰ আত্মীয়তা অনুভৱ কৰা যায়৷ কিন্তু সহপাঠীসকলৰ বাহিৰেও মানুহৰ জীৱনত বিভিন্ন ক্ষেত্ৰত লগ পোৱা কিছুমান মানুহো ক’ব নোৱাৰাকৈ বন্ধুত্বৰ বান্ধোনেৰে বান্ধ খায়৷ কোৱা বাহুল্য মাথোন, সহপাঠীসকলৰ প্ৰতিজনৰ লগত যিদৰে, সেই অন্তৰংগতা নাথাকে৷ সহপাঠীসকলৰো কেইজনমানৰ লগতহে পঢ়া কালত বিশেষ বন্ধুত্ব গঢ় লৈ উঠে৷ সেই বন্ধুত্ব চিৰকাল থাকি যায়৷ সংসাৰৰ ব্যস্ততাৰ মাজত যোগাযোগ কম হৈ থাকিলেও বন্ধুত্বৰ টান সদায় থাকে৷
বন্ধুত্ব সন্দৰ্ভত এটা কথা মনত পৰিছে আমাৰ৷ অলপতে টিভিৰ এক অনুষ্ঠানত বন্ধুৰ দ্বাৰা বান্ধৱী হত্যা কৰা সন্দৰ্ভত এক ঘটনাৰ চৰ্চা হৈছিল৷ যদিওবা সেই ঘটনাটোত আমি বন্ধুত্ব নেদেখো৷ কিন্তু বৰ্তমান সময়ত যুৱক যুৱতী সকলোৱে বন্ধু বাচনিৰ বেলিকা সাৱধান হোৱা উচিত৷ একে লিংগৰ বন্ধু বাচনিতো সাৱধান হোৱা দৰকাৰ, লগতে বিপৰীত লিংগৰ বন্ধু বাচনিত আৰু সাৱধান হোৱা দৰকাৰ৷ আমাৰ বহুতেই বিপৰীত লিংগৰ সৈতে বন্ধুত্বক বন্ধুত্ব বুলি স্বীকাৰ কৰি ল’বলৈও টান পায়৷ কিন্তু আমি ল’ৰা ছোৱালীৰ বন্ধুত্ব হ’ব নোৱাৰে বুলি নকওঁ৷ কাৰণ, আমাৰো এনে অলেখ বিপৰীত লিংগৰ বন্ধু আছে যাৰ সৈতে আমাৰ অন্তৰংগতা আছে৷ ল’ৰা বন্ধুৰ সৈতে খোলোচাকৈ যিদৰে সকলো সমস্যাই পাতিব পাৰি, তেনে বান্ধৱীও নথকা নহয়৷ কিন্তু এদিন সামাজিক বিষয় এটা লৈ অনুষ্ঠান কৰাৰ সময়ত বিশিষ্ট গল্পকাৰ তথা আমি কাম প্ৰতিষ্ঠানৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে ক’লে- আজিকালি ল’ৰা ছোৱালীৰ বন্ধুত্বৰ নামতো এক অদ্ভুত সম্পৰ্ক গঢ় লৈ উঠিছে, য’ত স্বাৰ্থজড়িত হৈ থাকে৷ তেনে বন্ধুত্বই দুয়োপক্ষকে ক্ষতি কৰে৷ আচলতে সেয়া বন্ধুত্বই নহয়, একধৰণৰ স্বাৰ্থজড়িত বুজা পৰা৷ এতিয়াৰ সমাজত বন্ধুত্বও কেতিয়াবা কাৰোবাৰ বাবে জীৱন ধ্বংসকাৰী হৈ পৰে৷ ৰাখী বন্ধোৱা দাদা বা বন্ধুৱেও যে এগৰাকী যুৱতীৰ হত্যা কৰিব পাৰে, সেই কথাটো জলজল পটপটকৈ ওলাই পৰিল শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ ঘটনাত৷ গতিকে, সন্তানে কাৰ সৈতে বন্ধুত্ব কৰিছে, বন্ধুত্ব গঢ়া বন্ধুৰ বেকগ্ৰাউণ্ড জনাৰ দায়িত্বও অভিভাৱকে ল’ব লাগিব৷ আচলতে, ডিজিটেল পৃথিৱীত অভিভাৱক বা পিতৃ-মাতৃৰ সৈতে সন্তানৰ দূৰত্ব ক্ৰমাৎ বাঢ়ি আহিছে৷ যাৰ কাৰণে বহু কিশোৰ কিশোৰীয়ে যিকোনো লোকৰ সৈতে বন্ধুত্ব গঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰে৷ এটা কথা ক’বই লাগিব, পিতৃ মাতৃ বা অভিভাৱকে সন্তান বুজা হোৱালৈ বন্ধু হৈ থকা উচিত৷ ক’ৰবাত সন্তানে উজুতি খাইছে নেকি? বা মানসিক সাহচয্যৰ অভাৱ অনুভৱ কৰিছে নেকি? সেই কথা ভালকৈ লক্ষ্য কৰিলে সন্তানে ভাল বন্ধু বাচনি কৰিব পাৰে৷ পৰাপক্ষত স্বাৰ্থ লৈ বন্ধুত্ব গঢ়িব খোজা লোকৰ পৰা আতৰি থকাই শ্ৰেয়৷ প্ৰকৃত বন্ধুত্বৰ মাজত কোনো স্বাৰ্থ নাথাকে, নিস্বাৰ্থভাৱে বন্ধুৰ মংগল কামনা কৰা হয়৷ বন্ধুত্বক খুব সুন্দৰভাৱে উপস্থাপন কৰা বহু বলিউডৰ চিনেমা আছে, তেনে বন্ধুত্ব চিনেমাৰ কাহিনীতহে সম্ভৱ যদিও সঁচা বন্ধুত্ব এতিয়াও আছে৷

ফটো সৌজন্য ফেচবুক

Related Articles

Leave a Reply

Close