অসম

মৰিগাঁৱত বিধ্বস্ত বাট-পথ পুনৰ নিৰ্মাণৰ দাবীত মুখ্যমন্ত্ৰীলৈ যুৱ -ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্র প্ৰদান

প্ৰথম খবৰ,মৰিগাঁও:অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ আহ্বান মৰ্মে আজি মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত মৰিগাঁও সদৰ আঞ্চলিক সমিতিয়ে মৰিগাঁও সদৰৰ বিধ্বস্ত ৰাস্তা ঘাট সমূহৰ পুনৰ মেৰামতি আৰু নিমার্ণৰ দাবীত মৰিগাঁও সদৰ বিহুতলীত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে| মৰিগাঁও ৰাজহ চক্র বিষয়া সংঘমিতা ভাগৱতীৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰণ কৰে৷ সদৰ আঞ্চলিক সমিতিৰ সভাপতি পাথপ্ৰতিম গৌতম সাধাৰণ সম্পাদক ললিত দাস স্বাক্ষৰিত স্মাৰক পত্রৰ জৰিয়তে মৰিগাঁৱৰ নগৰৰ প্ৰায়কেইটা পথৰ অৱস্থা অতিকৈ জৰাজীৰ্ণহৈ থকা আটাইকেইটা পথৰ পুনৰ নিমাণৰ দাবী জনায় |কাৰ্যসূচী মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ উপদেষ্টা মুকুল ডেকা, মিন্টু কুমাৰ নাথ, দ্বীপজ্যোতি বৈশ্য , জিলা কাৰ্যনিবাহ মাধুৰ্য বৰা, সদৰ সমিতিৰ যুটীয়া সম্পাদক সজল সূত্রধৰ সহ প্ৰায় শতাধিক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে | আনহাতে জিলাখনৰ এজাৰবাৰী, বঘৰা,জাগীভকতগাওঁ, ভূৰাগাঁও, মানিপুৰ আদি আঞ্চলিক সমিতিয়ে নিজ নিজ এলেকাত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে |জাগীভকতগাওঁ, এজাৰবাৰী আৰু বঘৰা আঞ্চলিক সমিতিৰ কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি ললিত চন্দ্র পাচনি,উপ সভাপতি বসন্ত ডেকা, যুটীয়া সম্পাদক মমিন চন্দ্র দাস আৰু সাংগঠনিক সম্পাদক অনিল পাচনিও উপস্থিত থাকে|

Related Articles

Leave a Reply

Close