অসমশীৰ্ষ

মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনিৰ্দিষ্ট কাললৈ অনশন

প্ৰথম খবৰ ,মৰিয়নী:এইবাৰ পুনৰ সংবাদৰ শিৰোনামত মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী, অনিৰ্দিষ্ট কাললৈ অনশনত বহিল বিধায়ক গৰাকী। দুৰ্গাপূজাৰ পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বানাছ দিয়া দাবীত এই অনশন কায্যসূচী।চাহ শ্ৰমিকক বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে ভুৱা প্ৰতিশ্ৰুতি আৰু বিনামূলীয়া চাউল দি প্ৰলোভন দিছিল যদিও এতিয়া চৰকাৰে তেওঁলোকৰ সমস্যা সমূহ পিঠি দিছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে।আনহাতে বাগিছাসমূহৰ বিভিন্ন সমস্যাৰ লগতে দুৰ্গাপূজাৰ পূৰ্বে বানাছ দিয়াৰ প্ৰসংগ বিধায়ক কুর্মীয়ে বিধানসভাত উত্থাপন কৰাত উদ্যোগ মন্ত্ৰীয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এমাহৰো অধিকদিন মন্ত্ৰী গৰাকীয়ে কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰিলে। তাৰ পৰিপ্ৰেক্ষিতত কালি বিয়লি ভাগৰ পৰা বিধায়ক গৰাকীয়ে দুৰ্গাপূজাৰ পূৰ্বে চাহশ্ৰমিকক ২০ শতাংশ বানাছ দিয়াৰ দাবী জনায় এই অনিৰ্দিষ্ট কাললৈ অনশন কায্যসূচী ৰূপায়ণ কৰিছে। আজি দ্বিতীয় দিনাও এই অনশন কায্যসূচী অব্যাহত ৰাখিছে বিধায়ক গৰাকীয়ে।

Related Articles

Leave a Reply

Close