অসম

সদৌ অসম গোৰ্খা জনজাতি উন্নয়ন সংঘৰ সম্বৰ্দ্ধনা অনুষ্ঠান

প্ৰথম খবৰ,অম্লান কাশ্যপ চাহা, বিহালী:বিশ্বনাথ চাৰিয়ালি হিমালয় বিবাহ ভৱন প্ৰেক্ষাগৃহত সদৌ অসম গোৰ্খা জনজাতি উন্নয়ন সংঘৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত যোৱা বছৰৰ দৰে এইবাৰ ও হাইস্কুল‌ শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত অতিকে দৰিদ্ৰ গোৰ্খা পৰিয়ালৰ ছাত্ৰী তিনিচুকীয়াৰ হিমানী গুৰুঙক নগদ ৫০,০০০ টকাৰ লগতে প্ৰশংসা পত্ৰ ও প্ৰদান কৰা হয় ।এই অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দুলদুল বৰকটকী, গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা‌ৰ সভাপতি দিলিপ গজুৰেল, গোপাল গোৰ্খা খনালকে ধৰি বহু গণ্যমান্য ব্যক্তি, শিক্ষক, বুদ্ধিজীৱী, ছাত্ৰ ছাত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলো উপস্থিত থাকে । সদৌ অসম গোৰ্খা জনজাতি উন্নয়ন সংঘৰ উপদেষ্টা বিজয় লিম্বুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সভা সঞ্চালন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৃষ্ণ চুব্বাই। অনুষ্ঠানত উপস্থিত আছুৰ সহকাৰী সম্পাদক দুলদুল বৰকটকীয়ে জিটিডিএৰ এই প্ৰচেষ্টাক বিপুল সঁহাৰি জনাই শিক্ষাৰ ক্ষেত্ৰত প্ৰতিটো জাতি-জনগোষ্ঠীৰ এনেধৰণৰ সহায়ে প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক ভৱিষ্যত দিনত আগুৱাই যোৱাৰ বাট মুকলি কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সভাত সদৌ অসম মগৰ সংঘ, লিম্বু মহাসভা, কিৰাত ৰাই মহাসংঘ, পূৰ্বাঞ্চল তামাঙ বৌদ্ধ সংঘৰ জিলা তথা কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলো উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close