অসম

সাংসদ দিলীপ শইকীয়াই কি কৰিলে নলবাৰীৰ বাঁহজানীত?

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী ,১০ আগষ্ট – নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত তিলানাত ধৰ্মপ্ৰাণ, সমাজপ্ৰিয় মহিলা তথা বিজেপি কৰ্মী বিজয় তামুলীৰ মাতৃ সুমিত্ৰা তামুলীৰ যোৱা ৮ আগষ্টত পৰলোকপ্ৰাপ্তি ঘটে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰটোত আজি সন্ধিয়া স্থানীয় সাংসদ দিলীপ শইকীয়াই নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, বাহঁজানী জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, বিজেপিৰ ৰাজ্যিক নেতা মুধুৰাম ডেকা, কিষাণ মৰ্চাৰ ৰাজ্যিক আহ্বায়ক ত্ৰিনয়ন বৰ্মন, জিলা সভাপতি ধনেশ্বৰ ডেকা, বিজেপি নেতা মহেশ মহন্ত, মিন্টু তামুলী, সৰ্বেশ্বৰ কলিতা, যুৱ নেতা নিহাৰ ভৰালী, মনোজ বৈশ্য,নিৰঞ্জন শৰ্মা সহ বহু সংখ্যক কৰ্মীক লগত লৈ পৰিয়ালটোৰ খবৰ লয় আৰু প্ৰয়াত সুমিত্ৰা তামুলীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। লগতে পাচঁ হাজাৰ টকা সাহায্য প্ৰদান কৰে। ইফালে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই যোৱা নিশা পৰিয়ালটোত গৈ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালটোৰ দুখৰ সমভাগী হয় ।

Related Articles

Leave a Reply

Close