অসমশীৰ্ষ

ৰঙিয়া ৰেলৱে আৱাসত ধৰ্ষণ কাণ্ডৰ মূল নায়কক আদালতত হাজিৰ

প্ৰথম খবৰ ৰঙিয়া:ৰঙিয়া ৰে’ল স্টেচনৰ বিপৰীত দিশত থকা দৈনিক বজাৰৰ সংলগ্ন ৰেলৱে আৱাসত শনিবাৰে পুৱতি নিশা সংঘটিত জঘণ্য অনৈতিক কাৰ্যৰ মূল অভিযুক্ত ৰেলৱে ট্ৰলী চালক কিশোৰী মন্ডল সহ ভুক্তভোগী কিশোৰী দুগৰাকীক ৰেল আৰক্ষীয়ে কালি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ বিশেষ আদলতত হাজিৰ কৰোৱায়। আদালতে কিশোৰী মণ্ডলক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । ভুক্তভোগী কিশোৰী দুগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰি ৰেল আৰক্ষীক জিম্মাত দিয়ে বুলি ৰেল আৰক্ষী সূত্ৰত প্ৰকাশ। আৰক্ষীয়ে এই জঘন্য অপৰাধৰ জোৰ তদন্ত অব্যাহত ৰাখিছে । ইতিমধ্যে অভিযুক্ত হকাৰৰ সন্ধাানত ৰেল আৰক্ষীয়ে জাল বিস্তাৰ কৰিছে। দুই এদিনতে ধৰ্ষণকাৰী দলটো আৰক্ষীৰ জালত পৰিব বুলি ৰেল আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে। ইপিনে লম্পট হকাৰৰ সংখ্যাকলৈ আৰক্ষীয়ে বিমোৰত পৰিছেে। ভুুুক্তভোগী কিশোোৰী দুগৰাকীৰ মতে সিহঁতক মণ্ডলৰ ৰেলৱে আৱাসৰ দুটা কোঠাত দুয়োজনীক তিনিজনকৈ লম্পটে পুৱতি নিশা ধৰ্ষণ কৰিছিল। ইয়াৰ পূৰ্বে অইন এঠাইত হকাৰৰ দলটোৱে ধৰ্ষণ কৰিছিল। অৱশ্যে ৰেল আৱাসৰ গৰাকী মণ্ডলেে আৰক্ষীৰ আগত বিপৰীত ভাষ্য দাঙি ধৰে। মণ্ডলৰ ভাষ্য অনুসৰি সন্ধিয়া প্ৰায় ৭ বজাত দুজন হকাৰে কিশোৰী দুগৰাকীকলৈ তেওঁৰ ৰেল আৱাসত উপস্থিত হয়। তেওঁ হকাৰ দুজনৰ লগতে কিশোৰী দুজনীকো খেদিি দিয়ে। কিন্তু নিশা প্ৰায় ২ বজাত প্ৰচণ্ড বৰষুনৰ মাজত পুনৰ তেওঁলোক অহাত তেওঁ আশ্ৰয় দিবলৈ বাধ্য হয়। মণ্ডলৰ ৬জন নহয়। সেই নিশাা তেওঁলোক তিনিজনহে আছিল। অৱশ্যে আৰক্ষীৰ তদন্তত প্ৰকৃত তদন্ত পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাাশ কৰিছে। ইপিনে ৰঙিয়া ৰেলৱে আৱাসত এই ধৰণৰ জঘণ্য ঘটনা সংঘটিত হোৱাত চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ভিতৰুৱা গাঁৱ গোপালপুৰৰ এই দুই যুৱতীয়ে কেইদিনমান পূৰ্বে ঘৰত একো নজনোৱাাকৈ ডিমাপুৰত থকা মাাহীয়েকৰ ঘৰলৈ গৈছিল। কালি তেওঁলোকে বৰপেটালৈ উভতি যায় যদিও কোনো এক ৰহস্যজনক কাৰণত সন্ধিয়া পুনৰ ৰেলযোগে ৰঙিয়া ৰেল জংচনত নামে৷ ৰঙিয়াত ৰেলৰ পৰা নমাৰ পিছতেেই কিিশোৰী দুগৰাকীক হকাৰ দুজনে তেওঁলোকক সহায় কৰাৰ চলেৰে আগবাঢ়ি আহে আৰু তেওঁলোকক ওচৰৰ হোটেলত ৰুটি খুৱাই কৌশলেৰে প্লেটফৰ্মৰ ওচৰৰ এটা ৰেল কোৱাৰ্টাৰলৈ লৈ যায় ৷ অভিযোগ অনুসৰি কোৱাৰ্টাৰটোত যুৱতী দুগৰাকীয়ে প্ৰৱেশ কৰাৰ পিছতে দুই যুৱকে কোৱাৰ্টাৰটোৰ গৰাকী কিশোৰী মন্ডলৰে সৈতে মিলি আৱদ্ধ কৰি থয় আৰু আন তিনিটা লম্পটৰে সৈতে যুৱতী দুগৰাকীক ওৰে নিশা ধৰ্ষণ কৰে ৷ প্ৰাপ্ত তথ্যমতে যুৱতী দুগৰাকীয়ে যুৱককেইজনৰ কৱলৰ পৰা ৰক্ষা পোৱাৰ আপ্ৰাণ চেষ্টা চলাইছিল যদিও যুৱককেইজনে তেওঁলোকৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায় ৷ পুৱতি নিশা লম্পটকেইটাই দুয়োগৰাকী মুমুৰ্ষপ্ৰায় যুৱতীক কোৱাৰ্টাৰটোৰ পৰা বাহিৰ উলিয়াই দিয়াত তেওঁলোকে কোনোমতে ওচৰৰে অট’ৰিক্সা আস্থানটোলৈ আহে আৰু একাংশ অট’চালকক ঘটনাৰ বিষয়ে বিৱৰি কয় ৷ সমস্ত ঘটনাটো নিমিষতে জংচন পৰিসৰত ৰাষ্ট্ৰ হৈ পৰাত ওচৰৰে স্থানীয় লোকো তাত সমবেত হয় আৰু যুৱতী দুগৰাকীয়ে দিয়া তথ্যৰ আধাৰত তেওঁলোক ৰেল কোৱাৰ্টাৰটোত উপস্থিত হয় ৷ ৰাইজৰ আগমনৰ উমান পাই কোৱাৰ্টাৰটোৰ পৰা আটাইকেইটা লম্পটে পলায়ন কৰে যদিও ৰাইজে কোৱাৰ্টাৰটোৰ গৰাকী কিশোৰী মন্ডলক উত্তম মধ্যম দিয়ে ৷ ৰাইজৰ টনা আজোৰাৰ মাজতে কিশোৰী মন্ডলে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷ পিছত ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ দুই যুৱতীক জি আৰ পি থানালৈ লৈ আনে ৷ জানিব পৰামতে ৰেল আৰক্ষীয়ে শনিবাৰে দিনৰ ভাগত দুয়োগৰাকী যুৱতীৰে স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷ ইপিনে শেহতীয়াকৈ জানিব পৰামতে এই দুই গৰাকী যুৱতীৰ সন্দৰ্ভত বৰপেটাৰ মন্দিয়া আৰক্ষী থানাত ইতিমধ্যে এক নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু হৈ আছে ৷ কেনেকৈ কি পৰিস্থিতিত যুৱতী দুগৰাকী ঘৰৰ পৰা নিৰুদ্দিষ্ট হৈছিল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও যুৱতী দুগৰাকী ৰঙিয়াৰ ঘটনাটোৰ পূৰ্বেই নাৰীদেহ ব্যৱসায়ীৰ কৱলত পৰা বুলি সন্দেহ ঘণীভূত হৈছে ৷ ৰেল আৰক্ষীয়ে যোৱা নিশা ৰেল আৱাসৰ গৰাকী কিশোৰী মন্ডলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ জঘণ্য ঘটনা সংঘটিত হোৱা ৰেল আৱাসত তালাচী চলাই আৰক্ষীয়ে মহিলাৰ চেণ্ডেল, ভজা বাদাম, মদৰ বতল সহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য স্টেচন সংলগ্ন একাংশ ৰেলৱে আৱাস অপৰাধীৰ ঘাটিত পৰিণত হৈছে। এই আৱাস সমূহৰ গৰাাকীয়ে অধিক ধনৰ আশাত অপৰাধী সকলক ভাড়া দিি অপৰাধীক উৎসাহ প্ৰদান কৰাৰ অভিযোগ উথ্থাপিত হৈছে। এই ক্ষেত্ৰত ৰেল কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে অপৰাধৰ মাত্ৰা অস্বাবাভাৱিক ভাৱে বাঢ়ি যোৱাটো কোনোৱে ৰোধ কৰিব নোৱাৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close