অসমশীৰ্ষ

কাজিৰঙাত উদ্ধাৰ ৩০৩ ৰাইফলৰ গুলি

প্ৰথম খবৰ,ৰাজেশ বেলোৱাৰ,কাজিৰঙা:
কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ২ নং কহঁৰাৰ মৰি ডিফলু নদীত উদ্ধাৰ ৩০৩ ৰাইফলৰ গুলি ৷বন বিভাগৰ সূত্ৰ মতে ২নং কহঁৰাৰ এগৰাকী কিশোৰীয়ে নদীত গা ধুবলৈ আহি পানী নামোতে ভৰিত লাগে কাপোৰেৰে মেৰিয়াই থোৱা গুলি খিনি ৷ সন্দেহ বশতঃ কিশোৰী গৰাকীয়ে মাতৃক অৱগত কৰে ৷লগে লগে বিষয়টো বনবিভাগকক জনোৱাত আৰক্ষী সহ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া উপস্থিত হৈ গুলি খিনি উদ্ধাৰ কৰে ৷সন্দেহ কৰা মতে চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ পৰিকল্পনা কৰি পানীৰ তলত গুলি খিনি লুকুৱাই থৈছিল ৷ঘটনাৰ সন্দৰ্ভত বন আৰু আৰক্ষী বিভাগে তদন্ত আৰম্ভ কৰিছে ৷

Related Articles

Leave a Reply

Close