অসমশীৰ্ষ

কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত হ’ব ফ্লাই অভাৰ, সুৰংগ

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ:কাজিৰঙা বাসীৰ বাবে এটা ভাল খবৰ। উন্নীতকৰণ হব৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ। অতি শীঘ্ৰে ২৬২৫ কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙাৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নিৰ্মান হব 35.820 কি:মি যোৰা ফ্লাই অভাৰৰ লগতে সুৰংগ। গ্ৰীণ ট্ৰিবোনেলৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰে মুম্বাইৰ ৱাদিয়া টেকন’ ইঞ্জিনীয়াৰিং ছাৰ্ভিছ প্ৰাইভেট লিমিটেড নামৰ এক বহুজাতিক কোম্পানীৰ জৰিয়তে প্ৰস্তুত কৰিবলৈ দিছে ডি পি আৰ। ৩.৭৬ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰি থকা এই ডি পি আৰ সম্পূৰ্ণ হোৱাৰ পাছতে ঘাই পথৰ কাম আৰম্ভ হব। মুখ্যমন্ত্ৰীৰ সভাপতি অসম চৰকাৰৰ ৱাইল্ড লাইফ বৰ্ডৰ সভাত ইতিমধ্যে আলোচনা হৈছে এই বিষয়ে। এই কথা সংবাদ মাধ্যমক সদৰী কৰে খুমতাই সমষ্টিৰ বিধায়ক তথা অসম ৱাইল্ড লাইফ বৰ্ডৰ সদস্য মৃণাল শইকীয়াই। উল্লেখ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নিৰ্মান হব লগা এই ফ্লাই অভাৰ নিৰ্মাণৰ বাবে ব্যয় হব প্ৰায় দুহেজাৰ ছশ পঁচিশ কোটি টকা। ১১ মিটাৰ বহলকৈ নিৰ্মান হব লগা এই পথটোত থাকিব চাইকেল চলাচলৰ পথ, পদপথৰ লগতে সুৰংগ। আতকধুনিয়াকৈ নিৰ্মান হব লগা এই পথটোৱে পৰ্যটককো আকৰ্ষিত কৰাৰ আশা প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে।

Related Articles

Leave a Reply

Close