অসম

কাৰ্বি আংলঙৰ বনভোজস্থলীত চিআৰপিএফৰ শৌচাগাৰ

স্বচ্ছতাৰ দিশত এখোজ আগবঢ়াৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ বনভোজস্থলি কোকা ছাৰপ’ত শৌচালয় নিৰ্মাণ ২০ নং চি আৰ পি এফ-ৰ
খেৰণি, ২২ ছেপ্টেম্বৰ:—স্বচ্ছতাৰ দিশত আৰু এখোজ আগবঢ়াৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ বনভোজস্থলি কোকা ছাৰপ’ত এইবাৰ শৌচালয় নিৰ্মাণ কৰিলে ২০ নং চি আৰ পি এফ বেটেলিয়েনে। পশ্চিম কাৰ্বি আংলঙৰ আমৰেঙত স্থাপিত চি আৰ পি এফ শিবিৰৰ উদ্যোগত চিভিক এক্সন প্ৰগ্ৰেমৰ জৰিয়তে ২০ নং চি আৰ পি এফ বেটেলিয়েনে উক্ত বনভোজস্থলিত শৌচালয় নিৰ্মাণৰ লগতে শৌচালয়টোৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰতি বছৰে নৱেম্বৰ মাহৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্য্যটকৰ সমাগম আৰু মিলন ঘটা এই স্থানত এনে এক ব্যৱস্থাৰ বাৰুকৈ প্ৰয়োজনবোধ কৰি আহিছিল পৰ্য্যটকে। অৱশেষত ২০ নং চি আৰ পি এফ বেটেলিয়েনে কোকা ছাৰপ’ত ডেৰ লাখ টকা ব্যয়ৰে শৌচালয় নিৰ্মাণ কৰি ৰাইজৰ অভাৱ পূৰণ কৰে। উল্লেখযোগ্য যে চি আৰ পি এফ-ৰ এনে কাৰ্যত এতিয়া স্থানীয় ৰাইজ আনন্দিত আৰু এই পদক্ষেপক লৈ ৰাইজে শলাগ লৈছে। ইফালে কোকা ছাৰপ’ত আয়োজন কৰা শৌচালয় শুভ উদ্বোধন অনুষ্ঠানত ডিফু ২০ নং চি আৰ পি এফৰ, কামাণ্ডেণ্ট আৰ ডি জিঅনী আনাল, আমৰেং চি আৰ পি এফ শিবিৰৰ বিষয়া ধ্ৰুৱজ্যোতি কুৱঁৰ, স্থানীয় জনপ্ৰতিনিধি ৰিণা তেৰাংপি, পৱন কুমাৰ, আমৰেং মৌজাদাৰ, চৰকাৰী-গাঁৱলীয়া গাওঁবুঢ়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। তাৎপৰ্যপূৰ্ণ যে নৱবৰ্ষ অথবা নৱবৰ্ষৰ প্ৰাকক্ষণত বীৰ দি বাট নোপোৱা হৈ পৰা কোকা ছাৰপ’ত চি আৰ পি এফয়ে এনেদৰে শৌচালয় নিৰ্মাণ কৰি শলাগ বুটলিবলৈ সক্ষম হোৱাৰ সময়তে কাৰ্বি আংলঙৰ কাৰ্বি পৰিষদখনে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ এই পৰ্যন্ত লব পৰা নাই বুলিও ইতিমধ্যে সচেতন মহলত চৰ্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Close