অসমশীৰ্ষ

খেলুৱৈৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী

প্ৰথম খবৰ , মৰিয়নী:-
ৰাজনৈতিক নেতাৰ ৰূপত নহয় এইবাৰ খেলুৱৈ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী।

মৰিয়নীৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ ফুটবলাৰ ৰূপত। বিধায়ক কুৰ্মী এজন ৰাজনৈতিক নেতাৰ সমান্তৰালভাবে এজন সুদক্ষ খেলুৱৈ ৰূপে এক নাম আছে। আজি নিজৰ দুভৰিৰ যাদু দেখাবলৈ খেলপথাৰত নামে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নীৰ বাপুজী ষ্টেডিয়াম অাজিৰে পৰা আৰম্ভ হোৱা নন্দ বৰা আৰু ৰুবুল হাজৰীকা সোঁৱৰনী আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা বিধায়কক দেখা যায় এজন ফুটবলাৰ ৰূপত। যোৰহাট জিলাৰ উপায়ুক্ত অপৰঞ্জীতা কৌৰটিয়ে শুভ উদ্বোধন কৰা খেলখনত উদয়ন ক্লাব, নগাজাংকা একাদশ আৰু নিউসোনোৱাল একাদশৰ মাজত এক উত্তেজনা পূৰ্ণ ফুটবল খেল হয়। এই ফুটবল খেল খনত নগাজাংকা একাদশক নিউসোণোৱাল একাদশক ৫-১গ’লত পৰাস্ত কৰে।

Related Articles

Leave a Reply

Close