অসমশীৰ্ষ

খেৰণিত হাতী-মানুহৰ সংঘাতত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ মাজত চেক বিতৰণ

প্ৰথম খবৰ,খেৰণি :খেৰণিতহাতী-মানুহৰ সংঘাতত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ মাজত চেক বিতৰণ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বিতৰণ কৰা হয় এই চেক। উল্লেখযোগ্য যে মুঠ ১২ টাকৈ পৰিয়ালৰ মাজত আজি আনুষ্ঠানিকভাৱে এই চেক বিতৰণ কৰে খেৰণি বন বিভাগে। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় সদস্য পৱন কুমাৰৰ বিপৰীতে সকজসেৱক বাবুৰাম ৰংফাৰ, চৰকাৰী গাওঁবুঢ়া, গাঁৱলীয়া গাওঁবুঢ়া, বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ভুক্তভোগী পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গৰ মাইলু, হাৱাইপুৰ, দীখলেম, খেৰণি, লাংপাৰপান আদি অঞ্চলত বাস কৰা যিসকল লোকে হাতী-মানুহৰ সংঘাতত ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছিল সেইসকলৰ ভিতৰত চেকযোগে আতুৰ তিচ্ছপি আৰু কাৰেং তিমুংপিৰ পৰিয়ালে ৩০ হাজাৰ টকা লাভ কৰাৰ বিপৰীতে বাকীসকলে ক্রমান্নয়ে ১৫ হাজাৰ, ১১ হাজাৰ, ১০ হাজাৰ, ৮ হাজাৰ, ৭ হাজাৰ আদি টকাৰ চেক লাভ কৰে। বিশেষকৈ হাতী আক্ৰমণ আৰু তাণ্ডৱত এইসকল পৰিয়ালৰ সদস্য আহত, বাসগৃহ লণ্ডভণ্ড, খেতি পথাৰ আদি বিনষ্ট হৈছিল। ইয়াৰ উপৰিও  ৩১ টাকৈ ভুক্তভোগী পৰিয়ালেও ক্ষতিপূৰণ হিচাপে বেংক একাউণ্টযোগে সাহাৰ্য লাভ কৰিছে বুলি জানিবলৈ দিয়ে খেৰণি বন বিষয়াই।শেহতীয়াকৈ অনুষ্ঠানত উপস্থিত থকা পৰিষদীয় সদস্য পৱন কুমাৰে হাতী-মানুহৰ সংঘাত সৃষ্টি হৈ অহা অঞ্চলসমূহৰ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। লগতে নিৰ্দিষ্ট সময়ত বন বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সহায় আদি লবলৈও পৰামৰ্শ আগবঢ়ায় ৰাইজক।

Related Articles

Leave a Reply

Close