অসমশীৰ্ষ

ডকাইতৰ ৰূপত খোদ আৰক্ষী

প্ৰথম খবৰ, মৰিগাঁও:অসম আৰক্ষীক লজ্জানত কৰি পুণৰ ডকাইতিত নামিল মৰিগাঁৱৰ ধৰমতুল থানাৰ পাঁচ আৰক্ষী জোৱান ।নিশা তালাচীৰ নামত ডকাইতৰ ৰূপ লৈ দুই ব্যৱসায়ীৰ পৰা লুটিলে প্ৰায় চাৰি লাখকৈ টকা ।ঘটনাৰ বিৱৰণী মতে বৃহস্পতি বাৰে নিশা হোজাইৰ দুই ব্যৱসায়ী আলটাফ হুছেইন আৰু কালিমউদ্দিনে   যোৰাবাটৰ পৰা এখন ক্ৰয় কৰিবলৈ আহিছিল যদিও বিশেষ কাৰণত বাহন খন ক্ৰয় নকৰাকৈ এখন ব্যক্তিগত বাহনেৰে হোজাইৰ মোৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাত ধৰমতুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ সন্মুখীন হয় ধৰমতুল থানাৰ পাঁচ জনীয়া এটা আৰক্ষী দলৰ । আৰক্ষী দলটোৰ ৰবলৈ নিৰ্দেশ নিশা অন্ধকাৰ দেখা নোপোৱত কিছুদূৰ আগুৱাই গুছি গৈছিল কিন্তু পাঁচজনীয়া আৰক্ষী তহলদাৰী দলটোৱে খেদি খেদি লোক দুজনক ধৰি ব্যৱসায়ী দুজনক তালাচীৰ নামত মাৰ পিত কৰাৰ লগতে  ব্যৱসায়ী দুজনৰ লগত থকা ৩ লাখ ৮৯ হাজাৰ টকা ডকাইতিৰ কায়দাৰে লুট কৰি নিয়ে ।স্বয়ং আৰক্ষীৰ দ্বাৰাই লুটপাটৰ সন্মুখীন হোৱা দুই ব্যৱসায়ীয়ে কালি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক সমস্ত ঘটনা বিবৰি কোৱাত আৰক্ষী অধীক্ষকে এটা ডকাইতিৰ গোচৰ ৰুজু কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাক তদন্তৰ দায়িত্ব অৰ্পণ কৰে । শুভাশীষ বৰুৱাই উপ আৰক্ষী অধীক্ষক লুইট তালুকদাৰ সহ এটা আৰক্ষী দলে সমগ্ৰ বিষয়টো তদন্ত কৰি অভিযন চলাই ডকাইতিত লিপ্ত থকা পাঁচ আৰক্ষী জোৱান দুলাল পাটৰ,দেৱজিত ভূঞা আৰু ঋতুৰাজ শইকীয়াৰ লগতে দুই গৃহৰক্ষী জোৱান কমল ডেকাৰজা আৰু বিশ্বজিত দাসক গ্ৰেপ্তাৰ কৰে । ধৃত আৰক্ষী জোৱান কেইজনক জেৰা কৰাত তেওঁলোকে সকলো কথা স্বীকাৰ কৰে ।আনহাতে লুট কৰা টকা জোৱান কেইজনৰ স্বীকাৰোক্তীৰ ভিত্তিত বিভিন্ন স্থানত তেওঁলোকৰ  আত্মীয়ৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আৰক্ষী কিনিষ্টবল দুলাল পাটৰক নিলম্বন কৰাৰ লগতে গৃহৰক্ষী জোৱান বিশ্বজিত দাস আৰু কমল ডেকাৰজাক চাকৰিৰ পৰা বৰ্খাস্ত কৰে আৰু দেৰগাঁও ১১নং অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ কনিষ্টবল দেৱজিত ভূঞা আৰু ঋতুৰাজ শইকীয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ কেন্দ্ৰটোৰ কামাণ্ডেন্টক নীতিগত বিভাগীয় ব্যৱস্থা লবলৈ জনোৱা বুলি জানিব  দিয়ে ।সৰ্বসাধাৰণক নিৰাপত্তা প্ৰদানৰ বাবে নিয়োজিত আৰক্ষীৰ দ্বাৰাই সৰ্বসাধাৰণ লুন্ঠনৰ সন্মুখীন হব  লগীয়া হোৱাৰ ঘটনাই মৰিগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উল্লেখ্য যে মৰিগাঁও জিলাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ টোৰ দুয়োকাষে থকা ঘন হাবিৰ বাবে নিৰাপত্তা হীনতাত ভোগে পথটোৰে যাতায়ত কৰা লোক সকল ।পথচোৱাত আৰক্ষীয়ে নিয়মীয়াকৈ তহলৰ ব্যৱস্থা নকৰাৰ অভিযোগ উঠি থকাৰ সময়তে খোদ আৰক্ষীয়ে যাতায়ত কৰা লোকক ডকাইতি কৰি ধন লুট কৰি  নিয়াৰ পাচত যাতায়ত কৰা লোক সকল এতিয়া অধিক নিৰাপত্তাহীনতাত ভুগিব লগীয়া  হৈছে ।

Related Articles

Leave a Reply

Close