
প্ৰথম খবৰ , তীৰ্থ শৰ্মা ,ডিমাকুছি:ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ডিমাকুছিত ২৪ তম বাৰ্ষিক বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ কাপ ফুটবল প্ৰতিযোগিতা কাইলৈৰ পৰা অনুষ্ঠিত হ’ব । ডিমাকুছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু ডিমাকুছি ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহত্তৰ ডিমাকুছি অঞ্চলবাসী ৰাইজৰ সহযোগত বিগত বছৰৰ দৰে এই বছৰো অহা ২২ ছেপ্তেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ ফুটবল টুৰ্নামেণ্ট অনুষ্ঠিত কৰা হ’ব । উক্ত ফুটবল প্ৰতিযোগিতাত দেশৰ বিভিন্ন ফুটবল দলৰ লগতে নাগালেণ্ড, মেঘালয়, আদি বিভিন্ন অঞ্চলৰ প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব । খেল পৰিচালনা সমিতিৰ সভাপতি বিটিচি ৰ উপাধ্যক্ষ নৌৰ্শ্বান বড়ো আৰু ডিমাকুছি আঞ্চলিক এবছুৰ সভাপতি/ সম্পাদকে সকলো ৰাইজক খেল দৰ্শন কৰিবলৈ আহ্বান জনোৱাৰ লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।