অসমশীৰ্ষ

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৫৮ সংখ্যক শিক্ষক দিৱস পালন

প্ৰথম খবৰ,ঢকুৱাখনা : ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত দাৰ্শনিক পণ্ডিত তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰতিখন শিক্ষানুষ্ঠানত আজি উলহমালহেৰে শিক্ষক দিৱস উদযাপন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে আজি ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো ৫৮ সংখ্যক “শিক্ষক দিৱসৰ” লগত সংগতি ৰাখি প্ৰশিক্ষাৰ্থী সকলে আয়োজন কৰে এক বিশেষ অনুষ্ঠান। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে আয়োজন কৰা কাৰ্যসূচী অনুসৰি পুৱাৰ ৮ বজাত প্ৰশিক্ষাৰ্থীসকলে সমূহীয়া চাফাই কৰাৰ পিছত ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই বন্তি প্ৰজ্বলন কৰে । ইয়াৰ পাছতে মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে অনুষ্টিত হোৱা সভাখন সভাপতিত্ব কৰে মহাবিদ্যালয় অধ্যক্ষ ড° প্ৰদিপ চন্দ্ৰ বৰাই ৷ প্ৰথমে নিজৰ চমু বক্তব্যত বৰাই প্ৰথমে সমূহ শিক্ষক সমাজৰ বাবে আন্তৰিক শ্ৰদ্ধা জনোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলক শিক্ষাৰ ক্ষেত্ৰত বহুখিনি গুৰুত্বপূৰ্ণ কথা অৱগত কৰা লগতে মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলেও প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ কথা অৱগত কৰে ৷ ইপিনে ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান হয়। অন্তৰংগ আলাপ অনুষ্ঠানৰ পাছতে মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী পুনমশ্ৰী নেৱাৰ, সোণমইনা গগৈ, মাইনী গগৈ আৰু জয়প্ৰকাশৰ দত্তৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটো সমৃদ্ধ কৰি তোলে । ইপিনে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ক্ষীৰঞ্জন কোঁৱৰৰ নেতৃত্বত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলে শিক্ষাগুৰুক শ্ৰদ্ধাজনোৱাৰ লক্ষ্যৰে আজি দিনটোত শিক্ষক দিৱস অনুষ্ঠিত কৰি শিক্ষাগুৰু সকলৰ চৰণত সেৱা ও শ্ৰদ্ধা জনায় । আজি এই শিক্ষক দিৱসৰ মূল সভাত প্ৰশিক্ষক সকল ক্ৰমে সংগীতা শইকীয়া , মিনাক্ষী সেনাপতি , ঋতুৰাণী গগৈ , পিংকী চাংমাই , ৰুমী গগৈ, নৱ জ্যোতি শইকীয়া, ধনৰঞ্জন হাজৰিকা, দিপশিখা দত্ত, ৰাজশ্ৰী বৰা, ৰজিত চাংমাই, জয়ন্ত বৰপাত্ৰ, বেদব্ৰত গগৈ,পাপু বৰুৱা, বুবুল দত্ত, চন্দ্ৰজিত শইকীয়া আৰু তৃষ্ণা ফুকন আদি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close