অসমশীৰ্ষ

দুধনৈত ৰাভা হাছং ক্ৰীড়া সন্থাৰ উদ্যোগত ফেঞ্চিং শিবিৰৰ শুভাৰম্ভ

প্ৰথম খবৰ, দুধনৈ:দুধনৈত ৰাভা হাছং ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা এক চেপ্তেম্বৰৰ পৰা পোন্ধৰ তাৰিখলৈ ফেঞ্চিং খেলৰ অনুশীলন শিবিৰৰ শুভাৰম্ভ কৰা হয়৷ দুধনৈৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই শিবিৰৰ উদ্বোধন কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই৷ উদ্বোধনী ভাষণত টংকেশ্বৰ ৰাভাই উদ্বোধনী ভাষণত কয় যে, দুধনৈত পৰিষদৰ অৰ্থসাহাৰ্যত প্ৰথম বাৰৰ বাবে আয়োজন কৰা ফেঞ্চিং খেলৰ অনুশীলন শিবিৰত পৰিষদীয় এলেকাত নতুন খেলুৱৈ সৃষ্টি হোৱাৰ লগতে এইবিধ খেলে ৰাভা হাছঙত নতুন দিগন্তৰ সুচনা কৰিব৷ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ দ্বাৰা এই খেলৰ প্ৰশিক্ষণ প্ৰদান কৰা হব৷ অসম ফেঞ্চিং সন্থাৰ সম্পাদক বিপুল শৰ্মা, সহকাৰী সম্পাদক, কেবাগৰাকী বিশিষ্ট খেলুৱৈ, ৰাভা হাছং ক্ৰীড়া সন্থাৰ  সভাপতি তথা পৰিষদৰ ই এম আদিত্য ৰাভা  সম্পাদক পুস্পাদিত্য চৌধুৰী  উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close