
প্ৰথম খবৰ,মংগলদৈঃ বিহু ভাঙা সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ ৰামধেনুৰ এখনি “শাৰদীয় আবেলিৰ মধূৰ পৰশ” শীৰ্ষক এখনি পাঠ চক্ৰ বিহুভাঙা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানখন উদ্বোধন কৰে প্ৰভাত বনীয়াই। দৰং জিলা সাহিত্য সভাৰ ৰামধেনুৰ সহঃ আহ্বায়ক উৎপল কলিতাই আঁত ধৰা আৰু দৰং জিলা সাহিত্য সভাৰ ৰামধেনুৰ তত্ত্বাৱধায়ক হৰেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা এই বিশেষ অনুষ্ঠানত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড° পৰমানন্দ ৰাজবংশী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ পদ্মশ্ৰী সূৰ্য হাজৰিকা, দৰং জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাম চন্দ্ৰ ডেকা, অসম সাহিত্য সভাৰ ৰামধেনুৰ আহ্বায়ক কৰুনা কান্ত শৰ্মা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ৰাণা আলম, অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিবাহক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । উক্ত অনুষ্ঠানত দৰং জিলাৰ পচিশজনৰো অধিক নবীন-প্ৰবীন কবিয়ে ভাগ লৈ স্বৰচিত কবিতা পাঠ কৰে । কবিতা পাঠৰ অন্তত বিশিষ্ট পৰ্যালোচক,কবি, স্তম্ভলেখক তথা গুৱাহাটীৰ পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেণ শইকীয়াই কবিতা সমূহৰ পৰ্যালোচনা আগবঢ়াই কবিতা নিৰ্মানৰ ব্যৱহাৰিক দিশটোৰ কথা ফহিয়াই কয় ।