অসমশীৰ্ষ

নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী: নলবাৰী সমষ্টিৰ অন্তৰ্গত নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ আজি অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰা হয়। জিলা সৰ্বশিক্ষা অভিযান মিছনৰ কনিষ্ঠ অভিযন্তা মিন্টু তামুলী,স্থানীয় আঞ্চলিক সদস্য লতিকা ৰাজবংশী,বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল নাথ,পৰিচালনা সমিতিৰ সভাপতি মিনতি ৰাজবংশী,২ নং নমাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বলেন ৰাজবংশী, বিজেপি নেতা দীপক ৰাজবংশী, শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত স্থানীয় গাঁও পঞ্চায়ত সভাপতি অঞ্জনজ্যোতি তালুকদাৰে আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে স্থানীয় বিধায়ক অশোক শৰ্মাৰ তৎপৰতাত সৰ্বশিক্ষা অভিযান মিছনৰ পৰা বিদ্যালয় খনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ২০১৭ -১৮ বৰ্ষত ৩ লাখ ৯৭ হাজাৰ টকা আবন্টন হৈছিল। আধাৰশিলা স্থাপন কৰি গাঁও পঞ্চায়ত সভাপতি অঞ্জনজ্যোতি তালুকদাৰে কয় যে পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনত ৰাইজে উন্নয়ন -বিকাশৰ ক্ষেত্ৰত পিছলৈ চাব লগা হোৱা নাই। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অধিকাংশ আঁচনি ৰূপায়ণত দূৰ্নীতি -অনিয়ম সংঘটিত হোৱা বুলিও অভিযোগ কৰি তালুকদাৰে কয় যে যাৰ বাবে উন্নয়নত বাধাৰ সৃষ্টি হৈছিল বুলি দোহাৰে। ইফালে নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱসত অঞ্চলটোৰ অৱসৰী কৃৰ্তি শিক্ষক দিনেশ্বৰ তালুকদাৰ আৰু ৰবীন্দ্ৰ পাল, উৎপল বৈশ্যক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Articles

Leave a Reply

Close