অসম

নলবাৰীত নামনি অসমৰ আয়ুক্ত১৪৪ ধাৰা জাৰি

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা,নলবাৰী:ভয় শংকা,উৎকন্ঠাৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিচতে নামনি অসমৰ আয়ুক্ত মীনাক্ষী সুন্দৰমে আজি নলবাৰী আৰু বৰপেটা জিলালৈ আহি আইন শৃংখলাৰ পৰিস্থিতিৰ বুজ লয়। নলবাৰীত নামনি অসমৰ আয়ুক্তগৰাকীক সংগ দিয়ে জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী,আৰক্ষী অধীক্ষক অমনজিৎ কৌৰসহ কেইবাগৰাকী বিষয়াই। তেওঁলোকে নলবাৰী সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হৈ এন আৰ চি আৰু আইন শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। ইপিনে আজি সমগ্ৰ নলবাৰী জিলাতে ১৪৪ ধাৰা বলবৎ কৰা হৈছে।।

Related Articles

Leave a Reply

Close