অসমশীৰ্ষ

নলবাৰীত ৰাষ্ট্ৰীয় একতাত যুৱকৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা ,নলবাৰী:নলবাৰী প্ৰেছ ক্লাৱ প্ৰাংগনত আজি ৰাষ্ট্ৰীয় একতা মিছন অসম শাখাৰ উদ্যোগত আৰু হিন্দু সুৰক্ষা সেনাৰ সহযোগত ‘ৰাষ্ট্ৰীয় একতাত যুৱকৰ ভূমিকা শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আলোচনা চক্ৰত ভাষন ৰাখি ৰাষ্ট্ৰীয় একতাৰ মাৰ্গ দৰ্শক( উত্তৰ প্ৰদেশৰ)মুৰাৰী দাসে কয় যে ভাৰত ৰাষ্ট্ৰত যুৱকৰ ভূমিকাৰ ওপৰত বিভিন্ন কথা দাঙি ধৰে । ভাষন প্ৰসংগত দাসে কয় যে বাংলাদেশৰ পৰা অহা অবৈধ মুছলিম অনুপ্ৰবেশকাৰী সকলোবোৰ অসমৰ বাবে বহুত ডাঙৰ বিপদ কঢ়িয়াই আনিছে। তেওঁলোকক অসমৰ পৰা এই ৰাষ্ট্ৰীয় একতা মিচনৰ সহায়ত আমাৰ যুৱক সকলে আচল ভূমিকা পালন কৰিব লাগিব আৰু মা কামাখ্যা দেৱীৰ পুণ্য ভূমি অসমক অনুপ্ৰবেশকাৰীৰ পৰা যিকোনো মুল্যৰ বিনিময়ত মুক্ত কৰিব লাগিব বুলি দোহাৰে। বৰক্ষেত্ৰী সমষ্টিৰ যুৱ নেতা শান্তনু কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সম্পাদক জয়দ্বীপ হাজৰিকা ,আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈ সহ বহু সংখ্যক সচেতন লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close