
প্ৰথম খবৰ ,নলবাৰী:নলবাৰী জিলাৰ বাহঁজানীৰ এগৰাকী ছাত্ৰ আজি ন দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নিজবাঁহজানী (নন্দাপাৰা)গাওঁ নিবাসী বিপুল তালুকদাৰ আৰু জুনু তালুকদাৰৰ পুত্ৰ তথা নিজবাঁহজানী মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ধনজিৎ তালুকদাৰ যোৱা ১৩ ছেপ্টেম্বৰৰ ৰাতিপুৱাৰ ভাগত বাহিৰলৈ ওলাই যোৱাৰ পিছৰে পৰা ঘৰলৈ উভতি নহাত পৰিয়ালত হাহাকাৰ লাগে। ছাত্ৰ জনে যাৱ পৰা সম্ভাব্য স্থান সমুহত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও আজিলৈ ছাত্ৰ জনৰ কোনো শুংসূত্ৰ নাপালে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰ গৰাকীৰ মাতৃ জুনু তালুকদাৰে নলবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। সন্ধানহীন ছাত্ৰ জনৰ কোনোবাই সম্ভেদ পালে মোবাইল নং- ৭৬৩৭৮৫১৬৩১ ত যোগাযোগ কৰিবলৈ পৰিয়াল বৰ্গই অনুৰোধ জনাইছে।