নলবাৰীশীৰ্ষ

নলবাৰী নাট্য মন্দিৰত বৰ্ণিল অনুষ্ঠান, দাৰা আহমেদক ভবেন বৰুৱা বঁটা প্ৰদান

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা , নলবাৰী:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত চলি থকা একাদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ মঞ্চত আজি নিশা বিশিষ্ট নাট্যকাৰ পৰিচালক দাৰা আহমেদক ভবেন বৰুৱা বঁটা প্ৰদান কৰা হয়। যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সভাপতি মনোৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ণিল অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ দহ হেজাৰ টকা,মানপত্ৰ, শৰাই আৰু এটা সুদৃশ্য স্মাৰক।অসমীয়া ছবি জগতত সুকীয়া ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাট্যকাৰ-পৰিচালক দাৰা আহমেদ সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰায় আঢ়ৈ কুৰি বছৰ জড়িত হৈ আছে। তেওঁ পূজা,দেৱী, উৰ্বশী,ৰিক্সাৱালা, বৰদৈচিলা, মহামানৱ আদি ১৪ খন অসমীয়া কথাছবি পৰিচালনা কৰিছে। চামেলি মেমচাব,বনজুই,কাঁচঘৰ,বনহংস,বোৱাৰী আদি বহুকেইখন ছবিত মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰি খ্যাতি ৰাখিছে। সেইদৰে প্ৰায় ২৫ খন তথ্যচিত্ৰ পৰিচালনা কৰা দাৰা আহমেদে দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিক পৰিচালনা কৰিছে। ভবেন বৰুৱা বঁটা ইতিমধ্যে বিশিষ্ট শিল্পী আদ্য শৰ্মা, বিজু ফুকন,নীলু চক্ৰৱৰ্তী, মহানন্দ শৰ্মা, জীৱেশ্বৰ ডেকা, অচ্যুত লহকৰ, মঞ্চসূৰ্য ধৰণী বৰ্মন,হেমন্ত দত্ত আৰু বিদ্যা ৰাওক প্ৰদান কৰা হৈছিল। জিলা সমিতিৰ সম্পাদক নিৰোদ দাসে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই ভাষণ প্ৰসংগত ভাষা সংস্কৃতিক সন্মান সহকাৰে আগুৱাই নিলেহে অসমীয়া জাতি জীয়াই থাকিব বুলি উল্লেখ কৰে। তেওঁ অসমীয়া জাতিলৈ অহা বিভিন্ন ভাবুকি প্ৰতিহত কৰিবলৈ সকলোকে আহ্বান জনায়। অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী,বেণ্ডিত কুইন খ্যাত বলিউদৰ অভিনেত্ৰী, নলবাৰীৰ জীয়াৰী সীমা বিশ্বাস, বৰমা কলেজৰ অৱসৰী অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, বিশিষ্ট সমাজসেৱী গণেশ তামুলী আৰু সাংস্কৃতিক কৰ্মী জয়ন্ত হাজৰিকা উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close