অসমশীৰ্ষ

প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে বহি চন্দ্ৰযান -২ ৰ অৱতৰণৰ দৃশ্য চাবলৈ ইছৰৰ দ্বাৰা নিমন্ত্রিত হৈছে শদিয়াৰ কন্যা তেজস্বীনি গজুৰেল

প্ৰথম খবৰ , শদিয়া:চেৰাপুঞ্জীৰ ৰামকৃষ্ণ মিছনৰ ছাত্ৰ ৰিৱাইট ফাৱাৰৰ লগতে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অন্তৰ্গত চূণপুৰা সৰুধনীয়া গাঁৱৰ নিবাসী পদ্মৰাজ গজুৰেল আৰু কবিতা গজুৰেলৰ কন্যা তেজস্বীনি গজুৰেল নামৰ মেধাবী ছাত্ৰী গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইছৰৰ তথা দেশৰ আগশাৰী মহাকাশ গৱেষক বিজ্ঞানী সকলৰ সৈতে একেলগে বহি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব লগীয়া চন্দ্ৰযান -২ ৰ অৱতৰণৰ দৃশ্য উপভোগ কৰিবৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰৰ) পৰা নিমন্ত্ৰণ লাভ কৰিছে । শদিয়াৰ নিবাসী , বৰ্তমান অৰুণাচল প্ৰদেশত চিকিৎসক হিচাপে কৰ্মৰত পদ্মৰাজ গজুৰেল আৰু কবিতা গজুৰেলৰ কন্যা তথা অৰুণাচল প্ৰদেশৰ নিৰজুলীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ (নেৰিষ্ট) অষ্টম শ্ৰেণীৰ সুভাগ্যবৰ্তী ছাত্ৰী তেজস্বীনী গজুৰেলে অহা ৭ ছেপ্টেম্বৰত বেংগাৰুলৰ ইছৰৰ সদৰৰ পৰা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া চন্দ্ৰযান -২ ৰ অৱতৰণৰ সমস্ত দৃশ্য উপভোগ কৰাৰ সোনালী সুযোগ লাভ কৰিছে । উল্লেখযোগ্য যে , যোৱা ২২ জুলাইত সতীশ ধাৱন স্পেচ চেণ্টাৰৰ দ্বিতীয় উৎক্ষেপন ক্ষেত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰা চন্দ্ৰযান-২ য়ে অহা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি ভাৰতীয় মহাকাশ গৱেষক বিজ্ঞানী সকলে নিশ্চিত হৈছে । অসমৰ শদিয়া কন্যা তথা অৰুণাচল প্ৰদেশৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নত ছাত্ৰী তেজস্বীনী গজুৰেলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ আগশাৰী মহাকাশ গৱেষক বিজ্ঞানী সকলৰ সৈতে একেলগে বহি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব লগীয়া চন্দ্ৰযান -২ ৰ সমগ্ৰ অৱতৰণৰ দৃশ্য উপভোগ কৰিবলৈ সুযোগ লাভ কৰাৰ খবৰে পৰিয়ালৰ লোক আৰু অসমৰ শদিয়াবাসীৰ লগতে অৰুণাচলবাসী ৰাইজক অধিক আনন্দিত কৰি তুলিছে ।

Related Articles

Leave a Reply

Close