অসমশীৰ্ষ

বকুলী গগৈক ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰদান

প্ৰথম খবৰ,বাদুলিপাৰা পাৰ্থ প্ৰতীম বৰুৱা:গোলাঘাট জিলাৰ কেন্দ্ৰীয় শিক্ষাখণ্ড , ঢেকীয়ালৰ অন্তৰ্গত বাদুলিপাৰৰ ৰঙামুনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বকুলী গগৈয়ে এই বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰাত অঞ্চলটোৰ সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ কালি ৫৮ সংখ্যক শিক্ষক দিৱস উপলক্ষে শিক্ষয়িত্ৰী গৰাকীয়ে এই বঁটা মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ পৰা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে ৷ বাদুলিপাৰৰ বাসিন্দা এইগৰাকী শিক্ষয়িত্ৰীয়ে পূৰ্বে ২০১০ চনত জিলা কৃতী শিক্ষকৰ লগতে ২০১৩ চনত বোকাখাত মহকুমা শিক্ষক সন্মিলনীয়ে আগবঢ়োৱা কৃতী শিক্ষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰি শিক্ষকতাৰ লগতে কলা , সাহিত্য – সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে বৰ্তমানলৈকে ২৩ টাকৈ সংগঠনে শিক্ষয়িত্ৰী গৰাকীক বিভিন্ন সময়ত সম্বৰ্ধনা জ্ঞাপন কৰিছে ৷ “ আকলন ” আৰু “সৃষ্টিবিন্যাস” নামৰ দুখন কবিতা পুথি , “ প্ৰকৃতি আৰু সোনকন ” নামৰ বিজ্ঞানভিত্তিক শিশু গ্ৰন্থৰ লগতে “ কেৰোণ ” নামৰ গল্প সংকলন এখনো তেওঁ প্ৰকাশ কৰি উলিয়াইছে ৷ ইয়াৰ উপৰি বিভিন্ন বিষয়ৰ আঠখনকৈ গ্ৰন্থ প্ৰকাশৰ পথত ৷ বিভিন্ন অনুষ্ঠানৰ স্মৃতিগ্ৰন্থত তেওঁৰ বহুতো মূল্যবান প্ৰৱন্ধ , গল্প , কবিতা আদি প্ৰকাশ পাই আহিছে ৷ আকাশবাণী যোৰহাট কেন্দ্ৰৰ তেওঁ স্বীকৃতিপ্ৰাপ্ত লোকগীতৰ শিল্পী ৷ বৰ্তমান তেওঁ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ একাদিক্ৰমে তৃতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক সদস্যা হিচাবে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে সন্মিলনীৰ মহিলা কোষৰ ৰাজ্যিক উপ-সভানেত্ৰীৰ দায়িত্ব বহন কৰি আছে ৷ ইয়াৰ উপৰি বোকাখাত মহকুমা শিক্ষক সন্মিলনীৰ মহিলা কোষৰ সম্পাদিকা , সদৌ অসম লেখকা সমাৰোহ সমিতিৰ আজীৱন সদস্যা , বাদুলিপাৰ প্ৰভাতী লেখিকা সমাৰোহ সমিতিৰ সহঃ সম্পাদিকা , ভোলাগুৰি জেউতি শাখা সাহিত্য সভাৰ উপ-সভানেত্ৰীকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে ৷ এজনীয়া শিক্ষয়িত্ৰীৰে শিক্ষকতা কৰি থকা বিদ্যালয়খনে গত দুটা বৰ্ষতে গুণোৎসৱত “এ ” গ্ৰেড পাবলৈ সক্ষম হৈছে ৷ শিক্ষয়িত্ৰী গৰাকীয়ে কৃতী শিক্ষকৰ বঁটা লাভ কৰাত বাদুলিপাৰ আঞ্চলিক সাংবাদিক সংস্থা , স্বেচ্ছাসেৱী অনুষ্ঠান “ সহায় ” , “ আপকু”ৰ গোলাঘাট জিলা সমিতি , বাদুলিপাৰ ব্যৱসায়ী সন্থা আদিয়ে আদৰণি জনাইছে ৷ ২০১৫ চনৰ পৰা নিজৰ কাৰ্যকালত তিনিগৰাকীকৈ শিক্ষকে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষাখণ্ড , ঢেকীয়ালৰ শিক্ষা বিষয়া ৰূদ্ৰ শইকীয়াই ৷

Related Articles

Leave a Reply

Close