নলবাৰীশীৰ্ষ

বাহঁজানীত বিজেপি নেতা আইনুউদ্দিন আহমেদৰ আকস্মিক মৃত্যুত শোক

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী:নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত চেৰাবাৰী গাওঁৰ বিজেপি নেতা, ব্যৱসায়ি আইনুউদ্দিন আহমেদৰ যোৱা নিশা আকস্মিক মৃত্যু হোৱা খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ৪৬ বছৰীয়া আইনুউদ্দিন আহমেদে পশ্চিম খাটাৰ কালাকুছি, দেহৰ কালাকুছি, কুমাৰিকাটা, চেৰাবাৰী অঞ্চলৰ পাচঁটা বুথৰ বিজেপি দলৰ সদস্য ভৰ্তি অভিযানৰ প্ৰমুখ আছিল আৰু অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানতো জড়িত হৈ ৰাইজৰ সমাদৰ লাভ কৰিছিল। তেওঁৰ মৃত্যুত স্থানীয় সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, স্থানীয় জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, আঞ্চলিক সদস্য জেচিম আলী,নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,উপ সভাপতি অপূৰ্ব শৰ্মা,সাধাৰণ সম্পাদক অঞ্জন শৰ্মা,পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মন, কোষাধ্যক্ষ কিশোৰ কলিতা,বিজেপি নেতা অভিৰাম ডেকা,দীপক দাস,বিপুল তালুকদাৰ, যুৱ নেতা নিহাৰ ভৰালী সহ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত আহমেদে পত্নী, একমাত্ৰ পুত্ৰ, দুই কন্যা সহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

Related Articles

Leave a Reply

Close