অসমশীৰ্ষ

বিধ্বস্ত খেৰণি-জেৰিকীণ্ডিং পথে জ্বলাকলা খুৱাইছে পশ্চিম কাৰ্বি আংলঙবাসীক

প্ৰথম খবৰ,খেৰণি:পৰিৱৰ্তনৰ শ্লোগানেৰে সৰ্ব দিশৰ উন্নয়ন সাধন হৈ থকা বুলি বিজেপি চৰকাৰে দম্ভালি মাৰি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ সহস্ৰাধিক জনতাই বিধ্বস্ত খেৰণি-জেৰিকীণ্ডিং পথক লৈ এতিয়া জীয়াতো ভুগিব লগা হৈছে। সামান্য এজাক বৰষুণৰ পাছতে পথটোৰ অৱস্থা হৈ পৰে অবৰ্ণনীয় আৰু অতি পুতৌজনক। বৰষুণৰ পাছতে উক্ত পথটোৰ খেৰণিত বোকাময় হৈ পৰাৰ বিপৰীতে পথটোৰ বিভিন্ন স্থানত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতসমূহ ভৰি পৰে কদৰ্যময় পানীৰে। কিন্তু এই পথটোৰেই বোকা-পানী একাকাৰ কৰি উপায়হীন ছাত্ৰ-ছাত্ৰী, পথচাৰী, ৰোগী, যাত্ৰী-আৰোহী সকলোৱে যাবলগীয়া হয় নিজৰ গন্তব্য স্থানলৈ বুলি। মুঠতে মৰণ ফান্দত পৰিণত হৈছে পাহাৰীয়া অঞ্চললৈ বুলি যোৱা একমাত্ৰ ব্যস্তপূর্ণ এই পথটো। আনকি এই পথটোৰে নিতৌ যাতায়ত কৰে কেইবাগৰাকী স্থানীয় জনপ্ৰতিনিধিও। আনহাতে পথৰ দুৰৱস্থাৰ ফলত সংঘটিত হৈ আহিছে বহু পথ দুৰ্ঘটনাও। গুৰুত্বপূৰ্ণ যে বৰ্তমান পথটোৰ খেৰণি অঞ্চলত যি বিধ্বস্ত ছবি ৰাইজে প্ৰত্যক্ষ কৰি আহিছে তাৰ পৰা কেৱল ২০০ মিটাৰ দূৰত্বতে অৱস্থিত আছে খেৰণি গৰকাপ্তানী বিভাগৰ কাৰ্যালয়। তাৰ পাছতো কিন্তু  ৰাইজে গুৱাল গালি দি অহা বিভাগ তথা জনপ্ৰতিনিধিৰ নাই কোনো গুৰুত্ব, নাই কোনো মনোযোগিতা এই পথটোক লৈ। আৰু এওঁলোকৰ এনে নীৰৱ ভূমিকাক লৈ এতিয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে লজ্জিত হৈ পৰিছে কাণ্ডজ্ঞান নথকা এইসকলক লৈ।

Related Articles

Leave a Reply

Close