অসমশীৰ্ষ

ব্ৰজলক্ষ্মী বিদ‍্যাপীঠ হাইস্কুলত বিশেষ যৌথ সভা

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা ,নলবাৰী:জিলাৰ মালিকুছিস্থ ব্ৰজলক্ষ্মী বিদ‍্যাপীঠ হাইস্কুলত আজি বিদ্যালয় খনৰ হাইস্কুল আৰু এম ই দুয়োখন বিদ‍্যালয়ৰ শিক্ষক গোট আৰু বিদ‍্যালয় পৰিচালনা সমিতিৰ যৌথ উদ‍্যোগত বিদ‍্যালয় একীকৰন সৰ্ন্দভত এখন বিশেষ ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিদ‍্যালয় পৰিচালনা সমিতিৰ সভাপতি কেশৱ বৰ্মন ৰ সভাপতিত্ব অনুষ্ঠিত সভাত দুয়োখন বিদ‍্যালয় একীকৰন সৰ্ন্দভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিগত বছৰৰ মে মাহতে বি‍দ‍্যালয় দুখন একীকৰনৰ বাবে যাৱতীয় নথিপত্ৰ বিদ‍্যালয় সমুহৰ পৰিদৰ্শকৰ জৰিয়তে উৰ্ধতন কৰ্তৃপক্ষক প্ৰেৰন কৰাৰ পাছতো আজিলৈ বিভিন্ন কাৰণত একত্ৰীকৰন কাৰ্য্য নহোৱা বাবে সভাত বিভিন্নজনে আক্ষেপ প্ৰকাশ কৰে। সভাত গৃহীত প্ৰস্তাৱ অনুসৰি অহা ১ অক্টোবৰ তাৰিখৰ পৰা অসম চৰকাৰৰ “শিক্ষা ক্ষেত্ৰৰ” আঁচনিৰ অধীনত “এখন ৰুটিন এখন বিদ‍্যালয় ” হিচাপে পাঠদান কাৰ্যসূচী গ্ৰহনৰ সিদ্ধান্ত লোৱা হয়। উক্তসভাত সমাজ কৰ্মী ভূপেন্দ্ৰ নাথ শৰ্মাই বিদ‍্যালয়ৰ উন্নতিৰ দিশত সাৰুৱা ভাষন দিয়ে। ভালেমান স্থানীয় নাগৰিক উপস্থিত থকা সভাত দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যালয় দুখন এক লগ হোৱাৰ পক্ষত মত পোষণ কৰে। হাইস্কুলৰ শিক্ষক গোটৰ সম্পাদক বিশ্বজিত চৌধুৰীয়ে ভাষনত বিদ‍্যালয় একীকৰন ৰ ধনাত্মক দিশ ব‍্যাখ‍্যা কৰে আৰু এনে সিদ্ধান্ত ক আদৰনী জনায়। অহা ১অক্টোবৰত হৱ লগা দুয়োখন বিদ্যালয় ৰ একীকৰন অনুস্থানটো ব‍্যাপক ভাৱে আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়।

Related Articles

Leave a Reply

Close