অসম

বড়োলেণ্ডৰ দাবীত ওদালগুৰিত এবছুৰ গণ সমাবেশ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:বড়ো জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই আজি(সোমবাৰে) ওদালগুৰিত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে ৷ এন ডি এফ বি(প্ৰ) আৰু পিপুলছ জইন্ট একশ্বন কমিটি ফৰ বড়োলেণ্ড মুভমেন্ট নামৰ সংগঠন আৰু ৰাইজৰ সহযোগত এবছুয়ে অনুষ্ঠিত কৰা এই গণ সমাবেশত বিটিএডিৰ চাৰিওখন জিলাৰ কেইবা হাজাৰ পুৰুষ-মহিলাই হাতে হাতে প্লে’কাৰ্ড লৈ ’ন’ বডোলেণ্ড ন’ ৰেষ্ট’, ন’ চলুচন ন’ ৰেষ্ট, ডিভাইড আসাম ফিফ্‌টি ফিফ্‌টি, ’উই ৱান্ট বডোলেণ্ড’, আমাৰ ডিমাণ্ড লিগেল ডিমাণ্ড, জয় বড়ো হাৰিনী আদি বিভিন্ন শ্ল’গানেৰে ওদালগুৰি নগৰৰ আকাশ-বতাহ মুখৰিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷ এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে কয় বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বডোলেণ্ড সমস্যা সমাধানৰ বাবে কেইবালানিও আলোচনাত মিলিত হৈছে যদিও প্ৰকৃত পক্ষে বড়ো ৰাইজৰ সমস্যাৰ প্ৰতি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ আন্তৰিকতা অভাৱ ঘটা বুলি আক্ষেপ কৰি অতি শীঘ্ৰে বডোলেণ্ড সমস্যা সমাধান নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ ওদালগুৰিৰ হৰপুৰৰ পৰা ওদালগুৰি নগৰৰ মাজেৰে সমদল কৰি নলবাৰী খেল পথাৰত অনুষ্ঠিত কৰা এই গণ সমাৱেশত এবছুৰ সভাপতি প্ৰমোদ বড়ো, এনডিএফবি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰী, পিপুলছ জইন্ট একশ্বন কমিটিৰ মুখ্য সমন্বয়ক ৰাকেশ বড়োকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰি বডোলেণ্ড সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দুৰ্বল ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

Related Articles

Leave a Reply

Close