অসমশীৰ্ষ

মণিটাৰী ত প্ৰাইজমাণী ফুটবল খেলৰ ২য় ছেমিফাইনেলত অসম পুলিচ জয়ী

প্ৰথম খবৰ,মঙলদৈ: মঙলদৈৰ মণিটাৰী গাৱঁত মহামিলন সংঘৰ দ্বাৰা অনুষ্ঠিত কৰা প্ৰয়াত খীতেশ্বৰ চহৰীয়া প্ৰাইজমাণী ফুটবল খেলৰ আজি অনুষ্ঠিত ২য় খন ছেমিফাইনেল উদ্বোধন কৰে মঙলদৈ ক্ৰীড়া সংগঠক তথা মঙলদৈ পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি প্ৰতাপ বৰদলৈ দেবে ৷উদ্বোধনী অনুষ্ঠান সহযোগ কৰে উদীয়মান সমাজকৰ্মী জিতুমনি ডেকাই ৷ আকৰ্ষণীয় ছেমিফাইনেল খনি অসম পুলিচ APRO আৰু পশ্চিম দৰং ফুটবল দলৰ মাজত ৷উক্ত খেলত অসম পুলিচৰ দলটিয়ে পশ্চিম দৰং দলক ১ শুণ্য গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰবেশ কৰে ৷অহা ইংৰাজী ২৮ ছেপ্তেম্বৰ তাৰিখে ফাইনেল খেল খনত মধ্যপ্ৰদেশ মদন মোহন ৰাজ দল আৰু অসম পুলিচৰ মাজত তীব্ৰ প্ৰতি যোগিতাৰে অনুষ্ঠিত হব বুলি উদ্যোগক্তা সকলে জনাইছে ৷

Related Articles

Leave a Reply

Close