অসমশীৰ্ষ

মণিটাৰী ত প্ৰাইজমানী ফুটবলৰ ফাইনেলত জয়ী অসম পুলিচ এ পি আৰ ও

প্ৰথম খবৰ,মঙলদৈ:মনিটাৰী গাৱঁত মনিটাৰী মহামিলন সংঘৰ উদ্যোগত অনুষ্ঠিত হৈ অহা স্বৰ্গীয় খিতেশ্বৰ চহৰীয়া সোঁৱৰণী প্ৰাইজমানী ফুটবল খেলৰ আজি মধ্যপ্ৰদেশ মদন মোহন ৰাজ দল আৰু অসম পুলিচ এ পি আৰ ও দলৰ মাজত তীব্ৰ প্ৰতিযোগীতাৰে অনুষ্ঠিত হয় ৷খেল খনত নিৰ্ধাৰিত সময়ত শেষ হ’লেও কোনো দলে গ’ল দিব নোৱাৰাত ট্ৰাইবেগাৰ পদ্ধতিৰে অসম পুলিচৰ দলটি জয়ী হয় ৷বটাঁ বিতৰণী সভাত সভাপতিত্ব কৰে বিধায়ক গুৰুজ্যোতিদাসে ৷অনুষ্ঠানৰ সকলো কায্যসুচী ৰুপায়ন কৰে মঙলদৈৰ প্ৰাক্তন পৌৰপতি প্ৰতাপ বৰদলৈ দেবে ৷ সম্বৰ্ধনা অুনষ্ঠানত সম্পাদক জিতুমনি ডেকাই কাৰ্য সম্পাদনা কৰি উৎসৱ মুখৰ পৰিবেশৰ সামৰণি মাৰে লগতে আগন্তুক বৰ্ষত মণিটাৰীত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰা হব বুলি সমাগত ৰাইজক জনায় ৷

Related Articles

Leave a Reply

Close