অসমনলবাৰী

শিক্ষক দিৱস উপলক্ষে নলবাৰীত আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা , নলবাৰী:৫৮ সংখ্যক শিক্ষক দিৱস উপলক্ষে নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয়ত কালি(৩ছেপ্টেম্বৰত) নলবাৰী জিলা ভিত্তিত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় । জিলাৰ বিদ্যাৰ্থী সকলৰ মাজত আয়োজিত এই প্ৰতিযোগিতাৰ বিষয় বস্তু আছিল মহাবিদ্যালয় পৰ্য্যায়ত ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণৰ জীৱন আৰু দৰ্শন , বিদ্যালয় পৰ্য্যায়ত বিষয় শিক্ষক দিৱসৰ তাৎপৰ্য । নলবাৰী জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ নলবাৰীৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত জিলা খনৰ বহু সংখ্যক ছাত্র ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে এম এন চি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌড় । জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিযোগিতাত হাইস্কুল শাখাত প্ৰথম পুৰস্কাৰ নীচকামোনা অসমীয়া , দ্বিতীয় বনশ্ৰী মেধি , তৃতীয় পূজা কলিতা , চতুৰ্থ আয়ুসা শৰ্মা , আৰু বাস্তৱ ৰাজবংশী , জ্যোতিম্মান দত্তই লাভ কৰে । তেনেদৰে কলেজ শাখাত প্ৰথম পুৰস্কাৰ প্ৰিয়ংচিগ কলিতা , দ্বিতীয় ঋকশিক্ষা কাশ্যপ আৰু তৃতীয় পিনাক পানি বশিষ্ঠই লাভ কৰে । পুৰস্কাৰ বিজেতা সকলক অহা কাইলৈ ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে শিক্ষা বিভাগ , শিক্ষক সংগঠন আৰু জিলা প্ৰশাসনে নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰা হ’ব ।

Related Articles

Leave a Reply

Close