অসমশীৰ্ষ

শিৱসাগৰ জিলাৰ আমগুৰিত দুখন সুৰা ভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ,শিৱসাগৰ: ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিণত অবৈধ অৰুণাচলী সুৰা সৰৱৰাহৰ কৰিড’ৰলৈ: জাঁজীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বৃহৎ ট্ৰাকৰ পৰা অবৈধ অৰুণাচলী সুৰা আনলোড হয় বলেৰ’ পিকভানলৈ: এক ডজন সুৰা মাফিয়াৰ দপদপনি আমগুৰিত: চালকে ফটোৰ সহায়ত আৰক্ষীৰ সন্মুখত চিনাক্ত কৰিছে সুৰা বেপাৰী জাতীয় সংগঠনৰ নেতা:

প্ৰথম খবৰ , শিৱসাগৰ ১ চেপ্তেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত জব্দ দুখন গাড়ীসহ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা |
সুৰাভৰ্ত্তী গাড়ী দুখনৰ নম্বৰ AS09-AC-3209 আৰু AS 04-AC-7379
আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী চক্ৰ পৰিদৰ্শক জে. টি. বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জাঁজীৰ এখন বহু বিতৰ্কিত ধাবাৰ পৰা অৰুণাচলী সুৰাভৰ্তি দুখন গাড়ী জব্দ কৰে | জব্দকৃত
গাড়ীদুখনত আছে ৪০০ কাৰ্টুন অৰুণাচলী সুৰা
AS09AC-3209 নম্বৰৰ ১০ চকীয়া পাঞ্জাৱ বডীৰ দহচকীয়া ট্ৰাকখনত মহাদেৱপুৰৰ পৰ কঢ়িয়াই অনা ৪০০ কাৰ্টুন অৰুণাচলী সুৰাৰ গাড়ীখনৰ পৰা জাঁজী নন্দনবন সমীপৰ এখন বহু বিতৰ্কিত ধাবাৰ সন্মুখত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে AS 04 AC-7379 নম্বৰৰ ব’লেৰ পিকআপ গাড়ীখনলৈ অৰুণাচলী সুৰা স্থানান্তৰিত কৰাৰ সময়তে এক আগতীয়া খবৰৰ ভিত্তিত আমগুৰি আৰক্ষীয়ে সুৰা সহিতে দুয়োখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক নগাঁও জিলা হুজৰ নিবাসী ৰাজু দে’ক আটক কৰিছে ।

আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ গৰাকী নৰেন্দ্ৰ সিং চিচ’দীয়া আৰু ব’লেৰখনৰ গৰাকী হালোৱাটিং মাধৱনগৰৰ প্ৰবীন শইকীয়া ।
অৱশ্যে বলেৰ’ খন আমগুৰিৰ বাবা নামৰ যুৱকজনে অবৈধ সুৰাৰ ব্যৱসায়ত ব্যৱহাৰ কৰা বুলি প্ৰবীন শইকীয়াৰ পত্নীয়ে প্ৰাগ নিউজক স্পষ্টকৈ কয় ৷ দীৰ্ঘদিনৰপৰা সুৰা সৰবৰাহত ব্যৱহাৰ কৰি আহিছিল বলেৰ’ পিকআপ ভানখন ।
জব্দ কৰা অবৈধ অৰুণাচলী সুৰাখিনি কোনে সৰবৰাহ কৰিছিল আৰক্ষীয়ে সেইটো প্ৰকাশ কৰাৰ পৰা বিৰত আছে যদিও অবৈধ সুৰা সৰবৰাহকাৰীক ট্ৰাকৰ চালক ৰাজু দে’য়ে উপ-আৰক্ষী অধীক্ষক আৰু অ’চিক প্ৰাগ নিউজৰ সন্মুখতে ফটোৰ সহায়ত চিনাক্ত কৰিছে। এইক্ষেত্ৰত আমগুৰিৰ এটা জাতীয় সংগঠনৰ এজন তথাকথিত নেতাৰ ফটো চালকে চিনাক্ত কৰাতো গুৰুত্বপূৰ্ণ ৷ উল্লেখ্য যে এই জাতীয় সংগঠনৰ নেতাজনে আমগুৰিৰ বহু বিতৰ্কিত এজন ব্যৱসায়ীৰ পুত্ৰৰ বিলাসী গাড়ীত অৰুণাচলী সুৰা সৰবৰাহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া

লক্ষণীয় যে শইকীয়া,দত্ত,দাস,বুঢ়াগোঁহাই, পটংগীয়া, নেওগকে ধৰি এক ডজন অৰুণাচলী সুৰা বেপাৰীয়ে দীৰ্ঘদিনধৰি অঞ্চলটোত এই ব্যৱসায় চলাই থকাটো অঞ্চলটোৰ অধিকাংশ লোকৰে জ্ঞাত যদিও আৱকাৰী – আৰক্ষীৰ দৃষ্টিগোচৰ নোহোৱাটো মনকৰিবলগীয়া ।
উল্লেখ্য যে অবৈধ অৰুণাচলী সুৰাৰ ঘাটিলৈ পৰিণত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি আৰু হালোৱাটিং অঞ্চল
এক ডজন সুৰা মাফিয়াই আমগুৰি- হালোৱাটিঙক পৰিণত কৰিছে অৰুণাচলী সুৰা সৰবৰাহৰ কৰিড’ৰ ৰূপে

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথক কেন্দ্ৰ কৰি সুৰা মাফিয়াই গঢ়ি তুলিছে নাগালেণ্ডত অবৈধ অৰুণাচলী সুৰাৰ বৃহৎ বজাৰ
অসম চৰকাৰক কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে আবকাৰী আৰু আৰক্ষী প্ৰশাসনক মেনেজ কৰি এই অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ |
জাতীয় সংগঠনৰ নেতাৰ পৰা ৰাজনৈতিক দলৰ পালি নেতা লৈকে এই অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ
প্ৰাগ নিউজে পূৰ্বতেও বহুবাৰ ফাদিল কৰিছিল আমগুৰিত অবৈধ অৰুণাচলী সুৰাৰ ঘাটি স্থাপনৰ তথ্য
আমগুৰিৰ নেপালী বস্তি, বৰছিলা, হালোৱাটিং আৰু জাঁজীত ঘাটি স্থাপন অৰুণাচলী সুৰাৰ
ধলা শদিয়া আৰু বগীবিল দলঙৰে অৰুণাচলৰ মহাদেৱ পুৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নিতৌ সৰবৰাহ কোটি কোটি টকাৰ অবৈধ সুৰা

জাঁজীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ পৰা ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেদি মহিন্দ্ৰা পিক আপ ভান আৰু বলেৰ’ পিকআপ ভানৰে গুদাম আৰু নাগালেণ্ডলৈ সৰবৰাহ অবৈধ অৰুণাচলী সুৰা | ঘটনাস্থলিত উপস্থিত হৈ জনালে ডি এছ পি ,
আমগুৰি থানাৰ অ’চি লগতে নেতা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ ,
কৃষক মুক্তি আৰু আটাছু নেতাৰ উপৰি ৰাজু দে’, নামৰ ট্ৰাক চালক জনে |

Related Articles

Leave a Reply

Close