অসমশীৰ্ষ

সাংবাদিক পৰিষদ অসমৰ দৰং জিলা সমিতিৰ গান্ধী জয়ন্তী উদ্‌যাপনৰ আয়োজন

জিলা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন

প্ৰথম খবৰ,মঙলদৈ:সাংবাদিক পৰিষদ, অসমৰ দৰং জিলা সমিতিৰ গুৰুত্বপূৰ্ণ সভা এখন আজি মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় । পৰিষদৰ জিলা সমিতিৰ সভাপতি মদন অসম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক নৱজ্যোতি মহন্তই। সভাত উপদেষ্টা মুকুট ৰাজ শৰ্মা, আছুৰ ৰাজ্যিক কাৰ্যনিবাহক অৰূপ কলিতা, সহ সম্পাদক তাজনুৰ খণ্ডাকাৰ, লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ প্ৰধান শিক্ষক বিপিন বৰুৱা আদিয়ে অভিমত ব্যক্ত কৰে। সভাত জিলা সমিতিৰ উপ-সভাপতি দুলাল হাজৰিকা, জয়দেৱ ডেকা( বাপন), উজ্জ্বল জ্যোতি ডেকা, প্ৰাঞ্জল কুমাৰ শৰ্মা, সাৰাংগ বৰুৱা আদি সদস্য উপস্থিত থাকে। আলোচনাৰ অন্তত অহা ২ অক্টোবৰত লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ সহযোগত সাংবাদিক পৰিষদ অসম , দৰং জিলা সমিতিয়ে গান্ধী জয়ন্তী পালনৰ লগতে বিদ্যালয় প্ৰাঙ্গনত দৰং জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আলোচনাচক্ৰ অনুষ্ঠিত কৰিবলৈ সিন্ধান্ত গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close