অসম

ফকিৰাগ্ৰামত আমছুৰ সজাগতা সভা

প্রথম খবৰ , ফকিৰাগ্রাম , কিশোৰ মিশ্রা ২২ ছেপ্টেম্বৰ:সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ আজি ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত  কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকী অন্তর্গত শিঙিমাৰী এম ই স্কুল প্ৰাংগনত ফকিৰাগ্ৰাম আঞ্চলিক আমছুৰ সভাপতি ছমিনুৰ ৰহমানৰ  সভাপত্বিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন, শিক্ষা, তীৰ, জুৱা, বাল্য বিবাহ বন্ধ কৰাৰ , জনসংখ্য নিয়ন্ত্রণ কৰাৰ আৰু সমাজৰ বিভিন্ন কু-সংস্কাৰ আদি  সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।আমছুৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত মূখ্য অতিথী হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক  আনোৱাৰ হুছেইন,কোকৰাঝাৰ জিলা আমছু’ৰ সভাপতিৰ আমিনুৰ ইসলাম , কোকৰাঝাৰ জিলা আমছু’ৰ সাধাৰণ সম্পাদক আব্দুল লতিফযে , কোকৰাঝাৰ জিলাৰ ডি পি ও জাহাঙ্গীৰ হুসেন , কোকৰাঝাৰ জিলা আমছুৰ কাৰ্য্যকাৰী সভাপতি কুনছুৰ আলী সেখ , ফকিৰাগ্ৰাম অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা যুমুনামূখ মহাবিদ্যালয়ৰ প্ৰবক্তা ড° ৰেজাউল কৰিম সহ আমছু’ৰ সদস্য সকল আৰু লগত স্থানীয় ৰাইজ সকল। উক্ত সভাত সভাত চিনাকি পৰ্বত ভাগ লয় ফকিৰাগ্ৰাম আঞ্চলিক আমছুৰ কাৰ্য্যকাৰী সভাপতি শাহানুৰ হকে আৰু  উদ্যেশ্য ব্যাখ্যা কৰে ফকিৰাগ্রাম আঞ্চলিক সমিতিৰ সাঃসম্পাদক জাকিৰ হুছেইন। উক্ত সভাত অতিথী সকলে তীৰ, জুৱা ,বাল্য বিবাহ বন্ধ কৰাৰ ,জনসংখ্য নিয়ন্ত্রণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ সম্পৰ্কত আলোচনা কৰে। সভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ সম্পৰ্কত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্রীয় সাংগাঠনিক সম্পাদক আনোৱাৰ হুছেইন,কোকৰাঝাৰ জিলা আমছুৰ সভাপতি আমিনুৰ ইছলাম ,ড° ৰেজাউল কৰিম সহ কোকৰাঝাৰ জিলাৰ ডি পি ও জাহাঙ্গীৰ হুসেনে কয় এন আৰ চিৰ ,শিক্ষা,  তীৰ, জুৱা, বাল্য বিবাহ বন্ধ কৰাৰ , জনসংখ্য নিয়ন্ত্রণ কৰাৰ আৰু সমাজৰ বিভিন্ন কু-সংস্কাৰ আদি সন্দৰ্ভত মূল্যৱান ভাষন প্ৰদান কৰে। 

Related Articles

Leave a Reply

Close