অসম

বোকাখাতত মদৰ আড্ডা, মাৰপিট

প্ৰথম খবৰ, বোকাখাত:

বোকাখাতত দিনে দিনে বাঢ়িছে মদ আৰু ভাঙৰ আড্ডা। বোকাখাত নগৰৰ মাজ মজিয়াতে আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ জ্ঞাতাসাৰে চলি আছে কেইখনমান গুমটিত অবৈধ ভাৱে মদ বিক্ৰী। তাৰ ফলতে সঘনে সংঘটিত হৈ আহিছে বিভিন্ন অসামাজিক কাম। বোকাখাতৰ “ফ্লেভাৰছৰ” স্বত্তাধিকাৰী পাপু গুপ্তা আৰু তেওঁৰ পুত্ৰ অৰবিন্দ কুমাৰ গুপ্তাক বোকাখাতৰ কেইজনমান যুৱকে শাৰীৰিক ভাৱে অক্ৰমন কৰি পলায়ন কৰাৰ পিছতে পুনৰ উঠিছে এনে অভিযোগ। চোকা কটাৰিৰে পিতৃ-পুত্ৰক আক্ৰমন কৰি আহত কৰে যুৱক কেইজনে। আক্ৰমন কৰা যুৱকৰ দলটো বোকাখাতৰ স্থানীয় যুৱক বুলি ভাষ্য প্ৰদান কৰিছে আহত পিতৃ পুত্ৰই। আৰক্ষীয়ে যুৱকৰ দলটোক আটকৰ বাবে অভিযান চলাই আছে৷ বোকাখাত মহকুমা প্ৰকাশন আৰু আৰক্ষী প্ৰশাসনক বহুবাৰ এই বিষয়ে অৱগত কৰাৰ পাছতো অবৈধ মদৰ গুমটি কেইটা উঠাই দিয়াৰ কোনো ব্যৱস্থা গ্ৰহন কৰা দেখা নগল। তাৰ ফলতেই আজি এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ৷

Related Articles

Leave a Reply

Close