অসমশীৰ্ষ

অৰুণাচল প্ৰদেশৰ বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত হাতীৰ পিঠিত উঠি দুষ্পাপ্য হৰপহুৰ মুক্ত চিকাৰ

প্ৰথম খবৰ , শদিয়া:অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ সদৰ ৰইঙৰ পৰা ১২ কিলোমিটাৰ নিলগৰ ডি ইৰিং বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত দিন দুপৰতে দুজন স্থানীয় চিকাৰীয়ে হাতীৰ পিঠিত উঠি দুষ্পাপ্য হৰপহু চিকাৰ কৰি মৃত হৰপহু হাতীৰ পিঠিত তুলি বমজীৰ দলঙৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় পথৰে মুকলিকৈ নিজৰ গাঁৱৰ অভিমুখে লৈ গৈ থকা কাৰ্যই বন্যপ্ৰাণী আৰু প্ৰকৃতি প্ৰেমী সকলক আচম্বিত কৰি তুলিছে । ১৯৭২ ৰ বন্যপ্ৰাণী সংৰক্ষিত আইনক চূড়ান্তভাৱে অৱমাননা কৰি অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ সদৰ ৰইংৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত বমজীৰ ডামবুক দলঙৰ দুয়ো কাষে থকা দিবাং -ইৰিং বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত দিন দুপৰতে হাতীৰ পিঠিত উঠি হাতত বন্দুক লৈ দুষ্পাপ্য বন্যপ্ৰাণী চিকাৰ কৰি মৃত বন্যপ্ৰাণী হাতীৰ পিঠিত তুলি কেনেকৈ সকলোৰে চকুৰ সন্মুখেৰে মুক্তভাৱে ৰাষ্ট্ৰীয় পথৰে লৈ যাব পাৰিছে বুলি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উত্তৰ পূৰ্বাঞ্চল সমিতিৰ সম্পাদক বুটেং টায়েঙে অৰুণাচল প্ৰদেশৰ বিয়াগোম বন বিভাগৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছে । মানৱ অধিকাৰ কৰ্মী বুটেং টায়েঙে এই ঘটনাৰ এক উচিত তদন্ত দাবী কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী জনোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং জিলাৰ স্থানীয় বিভিন্ন দল , সংগঠন , স্বেচ্ছাসেৱী সংগঠন, বন্যপ্ৰাণী আৰ প্ৰকৃতি প্ৰেমী সংগঠন সমূহক প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ উদ্দেশ্যে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । তদুপৰি লৱাৰ দিবাংভেলী জিলাৰ নামনি অঞ্চলৰ আদি জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল । সেয়েহে আদি জনগোষ্ঠীৰ বৃহৎ সংগঠন” আদি কেবাং আগম ” ৰ নেতৃত্বক আহ্বান জনায় যাতে স্থানীয় চিকাৰী সকলে যধে-মধে বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বন্যপ্ৰাণী চিকাৰ কৰা কাৰ্যৰ পৰা বিৰত থাকে আৰু চিকাৰ ৰোধ কৰিবৰ উদ্দেশ্যে সজাগতাৰ বৃদ্ধিৰ বাবে ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে , অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত উৎসৱৰ উপলক্ষে বা পৰম্পৰাগত উৎসৱৰ নামত যধে -মধে বন্যপ্ৰাণী চিকাৰ কৰি আহিছে । যাৰ বাবে অৰুণাচল প্ৰদেশৰ বহু দুষ্পাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী বর্তমান লুপ্তপ্ৰায় হৈ পৰা বুলি অৰুণাচলৰ প্ৰকৃতিপ্ৰমী সংগঠন সমূহে মত প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Close